মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
নেতৃত্ব গুণৰ বিকাশ সাধনৰ কেন্দ্ৰ

বিশেষজ্ঞ ব্যক্তি আৰু প্ৰশিক্ষক

বিশেষজ্ঞ ব্যক্তিৰ তালিকা

  1. ড° বি কে দাস
    ড° বি কে দাস বিশেষকৈ দেশৰ তৈল খণ্ডৰ এগৰাকী গভীৰ নেতৃত্ব অভিজ্ঞতাসম্পন্ন টেকন’ক্ৰেট। বহু বছৰৰ পৰা তেওঁ দেশৰ বিভিন্ন তেল কোম্পানীসমূহৰ শীৰ্ষ পৰিচালন পদ অধিকাৰ কৰি আহিছে আৰু তৈল খণ্ডসমূহৰ বিকাশৰ দিশত অৰিহণা আগবঢ়াই আহিছে। তেওঁ সম্প্ৰতি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এমেৰিটাছ অধ্যাপক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক আৰু অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ নেতৃত্ব বিকাশ কেন্দ্ৰৰ পৰামৰ্শদাতা হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।
  2. উৰ্মিলা বৰুৱা
    শ্ৰীমতী উৰ্মিলা বৰুৱা গুৱাহাটীৰ এগৰাকী সুপৰিচিত প্ৰশিক্ষক। সামৰ্থ্য গঢ় দিয়াৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা আৰু এইছ আৰ ছলিউশ্যন কেন্দ্ৰ ‘দ্যা হিউম্যান নেটৱৰ্ক’ ২০১০ ত প্ৰতিষ্ঠা কৰাৰ আগতে তেওঁ ভাৰতীয় তেল নিগম লিমিটেডৰ মানৱ সম্পদ (এইছ আৰ) ৰ বিভিন্ন খণ্ড, মাৰ্কেটিং আৰু কৰপোৰেট কমিউনিকেশ্যন দিশত ২০ বছৰ কাম কৰে।
  3. ড° ঊষা ঝুমানী
    অৰ্গেনাইজেশ্যন ডেভেলপমেণ্ট দিশত স্পেশ্যালাইজেশ্যন কৰা ড° ঊষা ঝুমানী আই আই এম, আহমেদাবাদৰ এগৰাকী ফেলো আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদৰ পৰা পোষ্ট গ্ৰেজুয়েট ডিপ্লমা ইন মেনেজমেণ্ট বিষয়ৰ ডিগ্ৰীধাৰী। তেওঁ এগৰাকী পৰিচালনা পৰামৰ্শদাতা আৰু স্বাধীন গৱেষক হিচাপে সংখ্যাগৰিষ্ঠ কৰ্মষ্ঠ লোকৰ আত্মনিয়োজনৰ ধাৰণাৰ উন্নতি সাধনৰ দিশত জড়িত হৈ আছে আৰু উন্নয়ন সাধনৰ যত্নৰ দিশত প্ৰধান চালিকা শক্তি মানৱ সংগঠনৰ গঠনৰ দিশত কাম কৰি আহিছে। দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ মানৱ সংগঠনৰ সশক্তিকৰণৰ বাবে সাংগঠনিক উন্নয়ন বিষয়ত তেওঁৰ গভীৰ অভিজ্ঞতা আছে।
  4. ড° পি কে জৈন
    ড° পি কে জৈন সম্প্ৰতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বাণিজ্য পৰিচালনা বিভাগ (ডিপাৰ্টমেণ্ট অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন) ৰ মুৰব্বী অধ্যাপক। ড° জৈন বাণিজ্য আৰু আইনৰ স্নাতক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁৰ ডক্তৰেট ডিগ্ৰীৰ গৱেষণাৰ বিষয়বস্তু আছিল ইণ্ডাষ্ট্ৰিয়্যাল ৰিলেশ্যন। প্ৰায় তিনি দশকৰ দীৰ্ঘ সময় কাল শিক্ষাদান আৰু গৱেষণাৰ সৈতে জড়িত হৈ থকাৰ লগতে ড° জৈন গুৱাহাটী ষ্টক এক্সচেঞ্জৰ অধ্যক্ষ হিচাপেও সেৱা আগবঢ়ায়। ইয়াৰ উপৰিও বহুটো শিক্ষা প্ৰতিষ্ঠানৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত।
  5. শ্ৰীমতী মণিদীপা বৰকটকী
    শ্ৰীমতী মণিদীপা বৰকটকী ১৯৯২ ৰ শ্ৰেণীৰ এগৰাকী অসম অসামৰিক সেৱা কেডাৰ বিষয়া। এগৰাকী অসামৰিক সেৱা বিষয়া হিচাপে তেওঁ বিভিন্ন বিভাগৰ প্ৰশাসনীয় বিভাগত কাৰ্য্যনিৰ্বাহ কৰিছে। ইয়াৰ ভিতৰত প্ৰশাসনীয় বিষয়া, অতিৰিক্ত সহকাৰী আয়ুক্ত, উপ বিভাগীয় বিষয়া আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য সচিব। সম্প্ৰতি তেওঁ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ অতিৰিক্ত সঞ্চালক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। মহিলা আৰু লিংগৰ সৈতে জড়িত উদ্যোগসমূহৰ সৈতে তেওঁ সক্ৰিয়ভাৱে জড়িত হৈ আছে। বিভিন্ন প্ৰশিক্ষণ উদ্যোগ আৰু কৰ্মশালাত তেওঁ লাভ কৰা অভিজ্ঞতাসমূহ ব্যক্ত কৰে। ইয়াৰ উপৰিও শ্ৰীমতী বৰকটকী এগৰাকী সৃষ্টিশীল লেখিকা। তেওঁৰ লেখা বিভিন্ন বাতৰি কাকতত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। তেওঁৰ চমু কাহিনী সংগ্ৰহ ইতিমধ্যে প্ৰকাশ পাইছে।
  6. শ্ৰীমতী কৰবী গোস্বামী
    ২০০৯ ৰ পৰা অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টত কাৰ্য্যনিৰ্বাহ কৰি অহা শ্ৰীমতী কৰবী গোস্বামীয়ে সম্প্ৰতি এই প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। আগ্ৰহৰ বিষয়সমূহ – ফাইন্যান্স, একাউণ্টছ, বেংকিং, ইন্সিউৰেঞ্চ, টেক্সেশ্যন, প্ৰজেক্ট মেনেজমেণ্ট, কমিউনিকেশ্যন আৰু ছেলফ ডেভেলপমেণ্ট।
  7. শ্ৰী দীপাঞ্জন কোঁৱৰ
    দীপাঞ্জন কোঁৱৰ, বি ই, এম বি এ, ২০০৯ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেণ্ট অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বিভাগৰ অতিথি প্ৰবক্তা হিচাপে জড়িত হৈ আছে। তেওঁ পাঠদান কৰা বিষয়সমূহ হৈছে ওৰ্গেনাইজেশ্যন্যাল বিহেভিয়াৰ (অ বি), মানৱ সম্পদ ব্যৱস্থাপনা (এইছ আৰ এম), কমপেন্সেশ্যন মেনেজমেণ্ট আৰু টটেল কোৱালিটি মেনেজমেণ্ট (টি কিউ এম) ।
  8. ড° বনজিৎ চাংকাকতী
    ড° বনজিৎ চাংকাকতী কাৰিকৰী দিশৰ চফটৱেৰ ডেভেলপাৰৰ পৰা আৰম্ভ কৰি কৰপোৰেট বিশ্বলৈ বিস্তীৰ্ণ অভিজ্ঞতাৰে সমৃদ্ধ এগৰাকী ব্যক্তি যিয়ে জিএনআৰচি ইনফ’টেক প্ৰাইভেট লিমিটেড, এইছডিএফচি বেংক, আইডিবিআই বেংক, বজাজ আলিয়াঞ্জ জীৱন বীমা কোম্পানী লিমিটেড আৰু এনইডিএফআই ৰ দৰে প্ৰতিষ্ঠানত কাৰ্য্যবাহী, বিষয়া, শাখা পৰিদৰ্শক আৰু সহকাৰী পৰিচালকৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্য্যনিৰ্বাহ কৰিছে। বৰ্তমানে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত বিজনেছ এডমিনিষ্ট্ৰেশ্যন বিভাগৰ সহকাৰী অধ্যাপক হিচাপে চৰকাৰ আৰু পিএছইউ উভয়কে পৰামৰ্শ প্ৰদান সেৱা আগবঢ়াই আছে। তেওঁৰ শৈক্ষিক শৈলীৰ ধাৰা অতি উচ্চমানৰ। তেওঁ মেডিকেল ইঞ্জিনিয়াৰিং বিষয়ত বি ই ডিগ্ৰিধাৰী আৰু এমবিএ পাঠ্যক্ৰমত সুখ্যাতিৰে প্ৰথম পৰ্যায়ত প্ৰথম স্থান অধিকাৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ড° চাংকাকতী ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড ফাইন্যান্সিয়্যাল এনালিচিছ অৱ ইণ্ডিয়া চমুকৈ আইচিএফএআই বিশ্ববিদ্যালয়ৰ দ্বাৰা চাৰ্টাৰ্ড ফাইন্যান্সিয়্যাল এনালিষ্ট আৰু মাষ্টাৰ ইন ফাইন্যান্সিয়্যাল এনালিচিছ হিচাপে স্বীকৃত হৈছে। “ডিটাৰমিনেণ্টছ অৱ ক্যাপিটেল ষ্ট্ৰাকচাৰ এণ্ড ডাইন্যামিক এডজাষ্টমেণ্ট টোৱাৰ্ডছ টাৰগেট ক্যাপিট্যাল ষ্ট্ৰাকচাৰ অৱ ইণ্ডিয়ান ফাৰ্মছ” বিষয়ক বিষয়বস্তুৰ গৱেষণাৰ বাবে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰি লাভ কৰে।
  9. ড° মুকুলেশ বৰুৱা
    অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ বৰ্তমান সঞ্চালক ড° মুকুলেশ বৰুৱাই ৰয়েল গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ প্ৰাপ্তন কাৰ্য্যবাহী সঞ্চালক। ‘ৰয়েল স্কুল অৱ বিজনেছ’ ত অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ আগতে তেওঁ ইলেকট্ৰনিকছ ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ অৱ ইণ্ডিয়া (ইআৰ এণ্ড ডিচিআই), তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়, ভাৰত চৰকাৰৰ সংযুক্ত সঞ্চালক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজিৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বিভাগৰ মুৰব্বী অধ্যাপক আৰু এমট্ৰন ৰ ডেপুটি পৰিচালক হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ পিছত তেওঁ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট অৱ টেকন’লজিৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়ায়।
  10. ড° শ্ৰীপৰ্ণা বি বৰুৱা
    উত্তৰ পূব ভাৰতত মেনেজমেণ্ট শিক্ষাৰ পৰিচিতিকৰণৰ দিশত এগৰাকী গুৰিধৰোঁতা ব্যক্তি হৈছে ড° শ্ৰীপৰ্ণা বি বৰুৱা। তেওঁ বৰ্তমানে ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰিনিউৰশ্বিপ’ ৰ ‘চেণ্টাৰ ফৰ ইণ্ডাষ্ট্ৰীয়্যাল এক্সটেনশ্যন’ ত মুৰব্বী হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছে। ‘অসম ইনষ্টিটিউট অৱ মেনেজমেণ্ট’ত ১০ বছৰ কাৰ্য্যকালৰ পিছত ১৯৯৯ ত ড° বৰুৱাই ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত যোগদান কৰে আৰু গৱেষণা আৰু এণ্টাৰপ্ৰিনিউৰশ্বিপ শিক্ষাৰ উন্নতিৰ জড়িত হৈ পৰে। উত্তৰ পূব ভাৰতত ২৬ ৰ অধিক গৱেষণা কাৰ্য্যত তেওঁৰ সক্ৰিয় অৱদান আছে।
  11. প্ৰফেচৰ আই জি কন্নন
    ড° আই জি কন্ননে তিৰুপতিৰ এছ ভি বিশ্ববিদ্যালয়ত ১৯৬৫ ৰ পৰা ১৯৭১ লৈ শিক্ষাদান কৰে। ১৯৭১ চনৰ পৰা ১৯৭৫ চনলৈ নেশ্যন্যাল ইনষ্টিটিউট অৱ ৰুৰেল ডেভেলপমেণ্ট, হায়দৰাবাদত তেওঁ গৱেষণা বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত নেশ্যন্যাল ইনষ্টিটিউট অৱ স্মল ইণ্ডাষ্ট্ৰি এক্সটেনশ্যন ট্ৰেনিং ইনষ্টিটিউট, হায়দৰাবাদত শিক্ষকতা কৰে। ১৯৮০ ৰ পৰা ১৯৯৩ চনলৈ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ অৱ ইণ্ডিয়া, হায়দৰাবাদৰ ডীন হিচাপে সেৱা আগবঢ়ায়।
  12. ড° অৱন্তিকা চাৰাফ
    ড° অৱন্তিকা চাৰাফ এগৰাকী নিউৰ’পেথি আৰু যোগ চিকিৎসক। ৰাজীৱ গান্ধী ইউনিভাৰছিটি অৱ হেলথ চায়েন্সেছ, বাংগালোৰৰ অধীনৰ স্বীকৃত নিউৰ’পেথি মহাবিদ্যালয়ৰ পৰা তেওঁ চিকিৎসাৰ স্নাতক ডিগ্ৰি লাভ কৰে। তেওঁ মেডিচিন্যাল প্লেণ্ট বা ঔষধি গছ বিষয়ক স্নাতকোত্তৰ ডিগ্ৰিধাৰী। তেওঁ অসমৰ প্ৰথম নিউৰ’পেথি আৰু যোগ চিকিৎসক। ‘যোগা এলায়েন্স, ইউএছএ’ ৰ পৰা তেওঁ আন্তৰ্জাতিকভাৱে “যোগ শিৰোমণি” উপাধি লাভ কৰে। ড° অৱন্তিকা চাৰাফ এগৰাকী প্ৰশিক্ষিত একুপাংকাৰিষ্ট আৰু চিৰ’প্ৰেক্টৰ।
  13. ড° নিৰ্মল কান্তি ভট্টাচাৰ্যী
    ১৯৪৬ চনত জন্ম গ্ৰহণ কৰা ড° নিৰ্মল কান্তি ভট্টাচাৰ্যী কাৰ্ডিয়’লজি বিষয়ত পাঁচ বছৰৰো অধিক কালৰ অভিজ্ঞতাসম্পন্ন এগৰাকী বিশিষ্ট চিকিৎসক। সৰুৰে পৰা মেধাৰ পৰি বহন কৰা ড° ভট্টাচাৰ্যী ১৯৬৬ চনত অনাৰ্ছসহ আটাইবোৰ বিষয়তে প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰিৰ অধ্যয়ন কলকাতা আৰু ডিব্ৰুগড়ত কৰে আৰু পুনৰ আটাইবোৰ পৰীক্ষাতে প্ৰথম স্থানত উত্তীৰ্ণ হয়। ইয়াৰ পিছত নতুন দিল্লীৰ এইমছত ইক’কাৰ্ডিঅ’গ্ৰাফি বিষয়ত চমু পাঠ্যক্ৰম সম্পন্ন কৰে।
  14. ড° সংগীতা গোস্বামী
    ড° সংগীতা গোস্বামী এগৰাকী মনোবিজ্ঞান পৰামৰ্শদাতা। তেওঁ বোম্বে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰি, ভেলোৰৰ পৰা মনোবৈজ্ঞানিক দিশৰ পৰামৰ্শদান পাঠ্যক্ৰম আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰি লাভ কৰে। ড° সংগীতা গোস্বামী তেওঁৰ নিজা ক্লিনিক চলোৱাৰ উপৰিও MIND India, ইনষ্টিটিউট অৱ পজিটিভ মেণ্টেল হেলথ এণ্ড ৰিচাৰ্ছ ৰ তেওঁ অধ্যক্ষ।
  15. শ্ৰী হীৰেণ চন্দ্ৰ নাথ
    হীৰেণ চন্দ্ৰ নাথ অসম মেঘালয় কেডাৰ ১৯৯৬ ৰ ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী বিষয়া। ২৭ আগষ্ট ২০১৬ তাৰিখে আৰক্ষী আয়ুক্ত মুকেশ আগৰৱালৰ পৰা তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ তৃতীয় গৰাকী আৰক্ষী আয়ুক্ত হিচাপে তেওঁ বৰ্তমানে কাৰ্য্যনিৰ্বাহ কৰি আছে।
  16. ড° ননীগোপাল মহন্ত
    ড° ননীগোপাল মহন্ত বৰ্তমানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘গ্ল’বেল ষ্টাডিজ চেণ্টাৰ’ ৰ সঞ্চালক। তেওঁৰ গৱেষণা আগ্ৰহৰ বিষয়বস্তুৱে পীচ এণ্ড কনফ্লিক্ট ৰিজলুশ্যন, হিউম্যান ডেভেলপমেণ্ট এণ্ড চিকিউৰিটী, ইনছাৰ্জেন্সি, এথনিছিটি আৰু আইডেণ্টিটি পলিটিকছ সামৰি লয়। বাৰ্কেলি কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ২০০২ ৰ পৰা ২০০৪ ৰ তেওঁ ৰটাৰী ৱৰ্ল্ড পীচ ফেলো। বিশ্ব শান্তি সদস্য হিচাপে তেওঁ ইণ্টাৰ্ণশ্বিপ আৰু গৱেষণামূলক কাৰ্য্যৰ উদ্দেশ্যে দক্ষিণ এছিয়া আৰু ইউৰোপকে আদি কৰি পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰে। ড° মহন্তৰ লেখা বিভিন্ন আলোচনীত প্ৰকাশিত হৈছে আৰু বহুসংখ্যক গ্ৰন্থ তেওঁ লিখি উলিয়াইছে। ইণ্টাৰনেশ্যন্যাল পীচ ৰীচাৰ্ছ ইনষ্টিটিউট, নৰৱে, অছলোৰ ড° মহন্ত এগৰাকী ভিজিটিং ফেলো।
  17. শ্ৰী লুইছ এইণ্ড, আইপিএছ
    শ্ৰী লুইছ এইণ্ড অসম মেঘালয় কেডাৰ ২০০৬ ৰ এগৰাকী ভাৰতীয় আৰক্ষী সেৱা বিষয়া। সম্প্ৰতি তেওঁ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত ডেপুটি আৰক্ষী আয়ুক্ত (অপৰাধ শাখা) হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।
  18. শ্ৰী যাদৱ পেগু
    শ্ৰী যাদৱ পেগু ১৯৯৫ ৰ এগৰাকী অসম অসামৰিক সেৱা বিষয়া। তেওঁ প্ৰথম ১৯৯৫ ৰ পৰা ১৯৯৮ চনলৈ কোকৰাঝাৰৰ অতিৰিক্ত সহকাৰী আয়ুক্ত হিচাপে নিয়োজিত হয়। লক্ষ্যণীয়ভাৱে তেওঁ অশান্তজৰ্জৰ কোকৰাঝাৰ জিলাত মুঠ ১৭ বছৰ কাল (১৯৯৯ ৰ পৰা ২০০৫ চনলৈ নিৰ্বাচনী বিষয়া, ২০০৬ ৰ পৰা ২০০৮ চনলৈ হাতীধুৰাৰ খণ্ড উন্নয়ন বিষয়া, ২০০৯ ৰ পৰা ২০১২ চনলৈ দোতমাৰ আৱৰ্ত বিষয়া) আদিকে ধৰি বিভিন্ন পদত কাৰ্য্যনিৰ্বাহ কৰে। বৰ্তমানে তেওঁ সাধাৰণ প্ৰশাসন বিভাগ, অসম সচিবালয়, দিশপুৰত প্ৰট’কল বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।
  19. ড° ৰাজীৱ সন্দিকৈ
    ড° ৰাজীৱ সন্দিকৈ বৰ্তমানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। ৯ বছৰলৈ ডেপুটি পঞ্জীয়ক (শৈক্ষিক) হিচাপে সেৱা আগবঢ়োৱাৰ পিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক হিচাপে সেৱা আগবঢ়ায়। তদুপৰি ‘নেশ্যন্যাল ছাৰ্ভিছ স্কীম’ ৰ কাৰ্য্যক্ৰম সহযোগী হিচাপে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ কোষাধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। বুৰঞ্জী বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় সোণৰ পদক লাভ কৰা ড° সন্দিকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ‘ইনভাইৰণমেণ্টেল হিষ্টৰী অৱ অসম’ বিষয়ত ডক্টৰেট।
  20. শ্ৰী ৱাছবিৰ হুছেইন
    সাংবাদিক আৰু ৰাজনৈতিক বক্তা শ্ৰী ৱাছবিৰ হুছেইন চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড পীচ ষ্টাডিজ, গুৱাহাটীৰ কাৰ্য্যকৰী সঞ্চালক। নেশ্যন্যাল ছিকিউৰিটি এডভাইজৰী বোৰ্ড, ভাৰত চৰকাৰৰ তেওঁ দুবাৰকৈ নিৰ্বাচিত সদস্য। শ্ৰী হুছেইনে সম্প্ৰতি ‘টাইমছ নাও টিভি’ ৰ পৰামৰ্শদাতা সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। তেওঁ বৰ্তমানে জনপ্ৰিয় সাপ্তাহিক নিউজ লাইভ চেনেলৰ ইংৰাজী কথোপকথন অনুষ্ঠান “টক টাইম উইথ ৱাছবিৰ হুছেইন” ৰ আঁত ধৰোঁতা।
  21. শ্ৰী প্ৰশান্ত ৰাজগুৰু
    শ্ৰী প্ৰশান্ত ৰাজগুৰু গুৱাহাটীৰ পৰা প্ৰকাশিত আগশাৰীৰ নিয়মীয়া অসমীয়া সংবাদপত্ৰ ‘আমাৰ অসম’ৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ এগৰাকী ৰটাৰী আন্তৰ্জাতিক শান্তি সদস্য। বেংককৰ ছোলালংকৰ্ণ বিশ্ববিদ্যালয়ত কনফ্লিক্ট ৰিজলুশ্যন বিষয়ত তেওঁ অন্তৰ্জাতিক পাঠ্যক্ৰম সম্পন্ন কৰে। ‘MAJA KOENE Social Journalist Award 2015’ বঁটাপ্ৰাপক আৰু এই বঁটা তেওঁৰ সাংবাদিকতাৰ দিশত প্ৰভূত বৰঙণি আৰু উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ স্বীকৃতিস্বৰূপে তেওঁক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ‘চি ই এছ চি আই ফাউণ্ডেশ্যন’ ই এই বঁটাৰ সুভাৰম্ভ কৰে। ‘চি ই এছ চি আই ফাউণ্ডেশ্যন’ হৈছে ভাৰত আৰু ছুইজাৰলেণ্ডত থকা এটি আন্তঃৰাষ্ট্ৰীয় সংগঠন।
  22. শ্ৰীমতী ৰাণী পাঠক দাস
    শ্ৰীমতী ৰাণী পাঠক দাস ‘চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড পীচ ষ্টাডিজ’ ৰ সৈতে জড়িত এগৰাকী জ্যেষ্ঠ গৱেষণা সহযোগী। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে জড়িত শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বিষয়সমূহৰ গৱেষণাৰ দিশত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। উন্নয়ন, শান্তি আৰু নিৰাপত্তাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত তেওঁ লিখা মেলা কৰি আহিছে। ২০১১ ত আসাম ট্ৰিবিউন গ্ৰুপৰ দ্বাৰা মহিলা বিষয়ক অনুসন্ধানমূলক সাংবাদিকতাৰ বাবে তেওঁ ‘কুঞ্জলতা দেৱী মেম’ৰিয়েল এৱাৰ্ড’ বঁটাৰে সন্মানিত হয়।
    গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰিধাৰী শ্ৰীমতী দাসে ৱাছবিৰ হুছেইনৰ সৈতে যুতিয়াভাৱে তেওঁৰ সম্পাদিত পুথি “দ্যা অট’নমী ডিছকোৰ্ছ: এথনিক এছপিৰেশ্যনছ ইন ইণ্ডিয়াছ নৰ্থইষ্ট, ৱৰ্ডৱেভছ ইণ্ডিয়া, গুৱাহাটী (২০১৩)” কে আদি কৰি বিভিন্ন পুথি প্ৰকাশ কৰি উলিয়াইছে। তেওঁ সম্প্ৰতি ‘গভাৰ্ণমেণ্ট অৱ ইণ্ডিয়াছ পীচ পলিচি ইন নৰ্থইষ্ট ইণ্ডিয়া’ বিষয়ত তেওঁৰ পিএইছডি গৱেষণা কৰি আছে।
  23. শ্ৰী অৰুণাভ গোস্বামী
    শ্ৰী অৰুণাভ গোস্বামী চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড পীচ ষ্টাডিজ, গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ ৰিচাৰ্ছ ফেলো। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এমবিএ ডিগ্ৰিধাৰী। শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বিষয়ত ২০০৯ চনৰ পৰাই তেওঁ গৱেষণা কৰি আহিছে। শ্ৰী গোস্বামী জড়িত হৈ থকা প্ৰজেক্টসমূহৰ ভিতৰত ‘ডাইন্যামিকছ অৱ এক্সট্ৰিমিজম’, ‘ছিটিউয়্যাশ্যন অৱ চিলড্ৰেন এণ্ড ওমেন ইন কনফ্লিক্ট ছিটিউয়্যাশ্যনছ’, ‘পীচ প্ৰচেছেছ এণ্ড স্প্ৰেড অৱ মাওইজম ইন নৰ্থইষ্ট ইণ্ডিয়া’ অন্যতম।

ফেকাল্টি

ক্ৰমিক নংনামপদদূৰভাষ
মণিদীপা বৰকটকী, এচিএছকেন্দ্ৰ দায়িত্ববাহী, অতিৰিক্ত সঞ্চালক, প্ৰশিক্ষণ, অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়+৯১৯৪৩৫১৮২৪৪১
ড° বি কে দাসকেন্দ্ৰ পৰামৰ্শদাতা+৯১৯৬৬৯০৮১১১১
পদ খালীগৱেষণা সহায়ক