মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
বহনক্ষম উন্নয়নৰ কেন্দ্ৰ

কাৰ্য্য আৰু অনুষ্ঠানসমূহ

প্ৰশিক্ষণ পাঠ্যক্ৰম

ৰাজ্য চৰকাৰৰ বিষয়াসকলক সচেতন কৰাৰ লক্ষ্যৰে কেন্দ্ৰই ২০১৬-১৭ বিত্তীয় বৰ্ষত ১০ টা প্ৰশিক্ষণ কাৰ্য্যসূচী সম্পন্ন কৰে। এই সময়ছোৱাৰ ভিতৰত ‘ইন’ভেশ্যন এণ্ড ফিউছাৰ ষ্টাডিজ’, অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় আৰু ‘ইউ এন ডি পি’ ৰ সৈতে একেলগে কাম কৰি কেন্দ্ৰই ‘চি এম এছ জি ইউ ৱাই’ ৰ ওপৰত ইন’ভেশ্যন পৰীক্ষাগাৰৰো কাৰ্য্য সম্পাদন কৰে। ইয়াৰ পিছত ২০১৬ চনৰ ডিচেম্বৰ মাহত নীতি আয়োগ, পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ, ৰাষ্ট্ৰসংঘ, আৰ আই এছ আৰু বিজনানা ভাৰতীৰ সহযোগত কেন্দ্ৰই হিমালয় অঞ্চলত মানুহৰ বসতি স্থাপনৰ বাবে ‘এছ ডি জি’ৰ বিষয়ক পৰামৰ্শ প্ৰদানৰ বাবে দুদিনীয়া আঞ্চলিক পৰামৰ্শ প্ৰদান কাৰ্য্যসূচী সম্পন্ন কৰে
২০১৭-১৮ বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ সময়ছোৱাত ৰাজ্যত ‘এছ ডি জি’ৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই অসম চৰকাৰৰ পৰামৰ্শক্ৰমে ইয়াৰ দৈনন্দিন পাঠ্যক্ৰম/কাৰ্য্যসূচীৰ পৰিৱৰ্তন সাধন কৰি ইয়াক সামৰ্থ্য গঢ়নৰ পৰা চৰকাৰী বিভাগৰ ৰণনীতি আৰু কাৰ্য্য পৰিকল্পনাৰ চূড়ান্তকৰণ কৰি ইয়াক ‘এছ ডি জি’ৰ তৃণমূল পৰ্যায়লৈ অনাৰ দিশলৈ পৰ্যবসিত কৰে।

এই অনুসৰি ২০১৭-১৮ বৰ্ষৰ কাৰ্য্য পৰিকল্পনা আৰু কাৰ্য্যসূচীৰ তালিকা তলত উল্লেখ কৰা হ’ল:

ক্ৰমিক নংআলোচনা সভা/প্ৰশিক্ষণজড়িত বিভাগ/
সংস্থা
স্থানতাৰিখ 
গ্ৰুপ বি
স্বাস্থ্য, পৰিষ্কাৰ পানী আৰু অনাময় ব্যৱস্থা
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জন স্বাস্থ্য অভিযান্ত্ৰিক, চি এছ ডি জিঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়২৪ এপ্ৰিল, ২০১৭ 
‘চি এছ আৰ’ আৰু ‘এছ ডি জি’ ৰ মাজত সহযোগিতা ৰক্ষাৰ্থে আয়োজিত আলোচনা সভাএছ ডি জি, টি এণ্ড ডি, ইউ এন ডি পি আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়১১ মে’, ২০১৭ 
বিভাগীয় আলোচনা সভা (নামনি অসম সংমণ্ডল)পৰিৱৰ্তন আৰু উন্নয়নঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়১ জুন ২০১৭ 
গ্ৰুপ এ
দাৰিদ্ৰ, ক্ষুধা আৰু গ্ৰাম্য উন্নয়ন
পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, কৃষিঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়৮ জুন ২০১৭ 
গ্ৰুপ চি
গুণগত শিক্ষা
শিক্ষা, চি এছ ডি জি এছঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়১৬ আৰু ১৭ জুন ২০১৭ 
গ্ৰুপ জি
পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন
পৰিৱেশ আৰু বন, জল সম্পদ, চি এছ ডি জি এছঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়১৪ আৰু ১৫ জুলাই ২০১৭ 
গ্ৰুপ ই
বিকাশ, নিয়োগ, আন্তঃগাঁথনি আৰু উদ্যোগ
শক্তি, এল এণ্ড ই, উদ্যোগ আৰু বাণিজ্য, চি এছ ডি জি এছঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়৫ আগষ্ট ২০১৭ 
গ্ৰুপ ডি, লিংগ আৰু বৈষম্য
সমাজ কল্যাণ
পৰিৱৰ্তন আৰু উন্নয়ন, ডব্লিউ পি টি বি চি, চি এছ ডি জি এছঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়৮ আগষ্ট ২০১৭ 
গ্ৰুপ এফ
বহনক্ষম নগৰ সম্প্ৰদায়
নগৰ উন্নয়ন, জি ডি ডি, চি এছ ডি জি এছঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়৯ আগষ্ট ২০১৭ 
১০বি টি চি অঞ্চলত সভাএছ ডি জি এছ আৰু পৰিৱৰ্তন আৰু উন্নয়ন কেন্দ্ৰবি টি চি১৯ আগষ্ট ২০১৭ 
১১গ্ৰুপ এইছ
সুশাসন, প্ৰতিষ্ঠান আৰু সংসাধনৰ সশক্তিকৰণৰ উপায়
গৃহ আৰু ৰাজনীতি, পৰিৱৰ্তন আৰু উন্নয়ন, চি এছ ডি জি এছঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়২৪ আগষ্ট ২০১৭ 
১২গ্ৰুপ আই
অংশীদাৰিত্ব, সম্পদ আৰু প্ৰযুক্তি
পৰিৱৰ্তন আৰু উন্নয়ন, বিত্ত, চি এছ ডি জি এছঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়  
১৩কে এ এ চি অঞ্চলত আলোচনা সভাচি এছ ডি জি এছ আৰু পৰিৱৰ্তন আৰু উন্নয়নকে এ এ চিছেপ্টেম্বৰ ২০১৭ 
১৪বাজেট ফলাফলএছ ডি জি কেন্দ্ৰ, পৰিৱৰ্তন আৰু উন্নয়ন আৰু বিত্তঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়৪ অক্টোবৰ ২০১৭ 
১৫বিভাগীয় আলোচনা সভা (বৰাক উপত্যকা সংমণ্ডল)পৰিৱৰ্তন আৰু উন্নয়ন, চি এছ ডি জিশিলচৰ৬ অক্টোবৰ ২০১৭ 
১৬বিভাগীয় আলোচনা সভা (উজনি অসম সংমণ্ডল)পৰিৱৰ্তন আৰু উন্নয়ন, চি এছ ডি জি এছযোৰহাটনৱেম্বৰ ২০১৭ 
১৭বৰষুণৰ পানী সংৰক্ষণএছ ডি জি এছ আৰু চি এছ ডি জি এছ কেন্দ্ৰঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়৬ ডিচেম্বৰ ২০১৭ 
১৮বিভাগীয় আলোচনা সভা (উত্তৰ অসম সংমণ্ডল)পৰিৱৰ্তন আৰু উন্নয়ন, চি এছ ডি জি এছতেজপুৰডিচেম্বৰ ২০১৭ 
১৯‘নৱীকৰণ শক্তি, অসমত ইয়াৰ প্ৰত্যাহ্বান আৰু সুযোগ’ৰ ওপৰত আলোচনাচক্ৰচি এছ ডি জি এছঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়৫ জানুৱাৰী ২০১৮ 
২০বহনক্ষম খাদ্য গ্ৰহণ আৰু উৎপাদন বিষয়ৰ ওপৰত অসম সেউজ সন্মিলনএছ ডি জি এছ আৰু এফ আই চি চি আই কেন্দ্ৰঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়২০১৮ 
২১খাদ্য আৰু পৰিপুষ্টি সুৰক্ষা বিষয়ক আলোচনা সভাচি এছ ডি জি এছ/চি এফ এন এছঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়২০১৮ 

অন্যান্য জড়িত বিষয়

প্ৰশিক্ষণ কাৰ্য্যসূচী, কৰ্মশালা আৰু আলোচনা সভাৰ আয়োজনৰ উপৰিও কেন্দ্ৰই ৰাজ্যৰ এছ ডি জি উদ্যোগ গ্ৰহণৰ সৈতে জড়িত হৈ থকা প্ৰধান অংশীদাৰ সকলক বিস্তৃত নীতি আৰু কাৰ্য্যপন্থাৰ আৰ্হি গঠন আৰু সংসাধনৰ দিশত পথ প্ৰদৰ্শন আৰু প্ৰযুক্তিগত সাহাৰ্য্য আগবঢ়াই আহিছে। তদুপৰি অসমত ‘এছ ডি জি’ৰ কাৰ্য্যকাৰিতা লাভৰ বাবে সময়মতে ইয়াৰ উন্নয়নৰ মূল্যায়ন কৰিবৰ অৰ্থে ফলপ্ৰসূ পৰীক্ষণ আৰু মূল্যায়ন ব্যৱস্থা স্থাপন কৰা হয়। এই ক্ষেত্ৰত তলত উল্লিখিত কাৰ্য্যসমূহত কেন্দ্ৰ সক্ৰিয়ভাৱে জড়িত হৈ পৰে :

  • এছ ডি জি লাভৰ বাবে লক্ষ্য আৰু কাৰ্য্যপন্থাৰ স্থাপত্যৰ আৰ্হি গঠন।
  • ‘এছ ডি জি এছ’ ৰ পৰ্যবেক্ষণ আৰু অসম অৰ্থনৈতিক সমীক্ষণৰ এটি খণ্ডৰ সংঘবদ্ধকৰণৰ বাবে ৫৯ টা ৰাজ্য নিৰ্ধাৰিত মূল চিহ্ন নিদৰ্শনকাৰী বিষয়বস্তুৰ চিনাক্তকৰণ আৰু সংস্কাৰ সাধন।
  • এছ ডি জি লক্ষ্যসমূহে লাভ কৰিব পৰাকৈ ৰাজ্যিক বাজেট হাইলাইট ২০১৬-১৭ ৰ আৰ্হি প্ৰস্তুত।
  • বিভাগ অনুসৰি আৰু এছ ডি জি অনুসৰি সাত বছৰীয়া কাৰ্য্যপন্থাৰ কাকত আৰু তিনি বছৰীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তুতিকৰণ আৰু চূড়ান্তকৰণ।
  • ৰাজ্যিক এছ ডি জি নিৰ্ধাৰিত বাজেট ২০১৭-১৮ ৰ প্ৰস্তুতকৰণ।
  • ৰাজ্যত এছ ডি জি লাভৰ ক্ষেত্ৰত প্ৰতিবেদন প্ৰস্তুত আৰু উন্নয়নৰ খতিয়নৰ বিশ্লেষণৰ অৰ্থে পৰ্যবেক্ষণৰ গাঁথনি প্ৰস্তুত।
  • এছ ডি জি লাভৰ ক্ষেত্ৰত পৰিকল্পনা আৰু কাৰ্য্যসম্পাদনৰ বাবে চৰকাৰী বিভাগ আৰু অন্যান্য অংশীদাৰ সকলৰ মাজত অংশীদাৰিত্বৰ উন্নিতকৰণ।

অংশীদাৰিত্ব

এটি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এছ ডি জি এছ লাভ কৰাৰ ক্ষেত্ৰত অংশীদাৰিত্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই নীতি সাৰোগত কৰি ৰাজ্যত ‘এছ ডি জি এছ’ৰ সঠিক পৰিকল্পনা আৰু পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰই ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম, ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যন্যাল চিলড্ৰেনছ এডুকেশ্যন ফাণ্ড আৰু ইয়াৰ সহযোগী সংস্থাসমূহ, অ কে ডি ইনষ্টিটিউট অৱ চছিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট, কোলিশ্যন ফৰ ফুড এণ্ড নিউট্ৰিশ্যন ছিকিউৰিটী আৰু টি ই আৰ আই উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে। ৰাজ্যত ‘এছ ডি জি’ৰ পৰিকল্পনা আৰু কাৰ্য্যক্ৰমসমূহৰ সফল ৰূপত সংসাধনৰ বাবে অন্যান্য শিক্ষা প্ৰতিষ্ঠান, উদ্যোগ আৰু চিভিল চছাইটিৰ সৈতে কেন্দ্ৰই অংশীদাৰ ৰূপত কাৰ্য্য সম্পাদন কৰি আহিছে।