মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
ই-প্ৰশাসনৰ কেন্দ্ৰ

কেন্দ্ৰৰ বিষয়ে

চৰকাৰী কাৰ্য্যসমূহত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ই-প্ৰশাসনে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰৰ চিত্ৰাংকণ কৰাৰ উপৰি তথ্যৰ যোগান ধৰে। ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা হোৱা NeGP য়ে নাগৰিকসকললৈ চৰকাৰী সেৱাসমূহ প্ৰদান কৰা কাৰ্য্যৰ উন্নতি সাধন কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰৰে ভিন্ন পৰ্যায়ত আই চি টি উপকৰণ আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশত প্ৰাধান্য দি আহিছে। NeGP য়ে সন্মুখীন হৈ অহা এক অন্যতম প্ৰত্যাহ্বান হৈছে নীতি আৰু সিদ্ধান্ত গ্ৰহণৰ পৰা আৰম্ভ কৰি পৰিচালনা আৰু কাৰ্য্যসম্পাদন পৰ্যায়লৈ চৰকাৰৰ বিভিন্ন স্তৰত সামৰ্থ্য গঢ়ন আৰু জনসচেতনতা সৃষ্টি।

ই-প্ৰশাসনৰ ক্ষেত্ৰত সামৰ্থ্য গঢ়নৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে ই-প্ৰশাসনৰ কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰসমূহৰ উপকাৰিতা হৈছে এই কেন্দ্ৰসমূহে ই-প্ৰশাসনৰ ক্ষেত্ৰত Learning Resource Center (LRC) বা শিক্ষণ সম্পদ কেন্দ্ৰ হিচাপে কাম কৰিব যিয়ে বিভিন্ন পৰ্যায়ত চৰকাৰৰ কাৰ্য্যসমূহ যেনে ই-প্ৰশাসন পদ্ধতিৰ আৰ্হি গঠন, বিকাশ সাধন, সংসাধন/কাৰ্য্যসম্পাদন আৰু মূল্যাংকন আদি দিশৰ সম্পাদনৰ ক্ষেত্ৰত সহায় আগবঢ়াব।

দৰ্শন

  • সাম্প্ৰতিক ই-প্ৰশাসন আঁচনিসমূহৰ গঠন আৰু সংসাধনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহায় আগবঢ়ায়।
  • ৰাজ্যৰ ডিজিটেল ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি জ্ঞান আৰু কৌশল বিকাশৰ জৰিয়তে ই-প্ৰশাসন আঁচনিসমূহৰ আৰ্হি প্ৰস্তুত আৰু কাৰ্য্য সম্পাদন।

উদ্দেশ্য

  • গুৱাহাটীত অৱস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত তথ্য প্ৰযুক্তিৰ আন্তঃগাঁথনিৰ উন্নয়ন।
  • ই-প্ৰশাসনৰ দিশত ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰতিষ্ঠানৰ সৈতে একেলগে কাৰ্য্য সম্পাদন।
  • কেন্দ্ৰৰ সামৰ্থ্য গঢ়ন, গৱেষণা, বিকাশ সাধন আৰু পৰামৰ্শ প্ৰদান আদি কাৰ্য্যসমূহৰ সুচাৰুৰূপত সম্পাদন।
  • প্ৰশাসনীয় পদ্ধতিৰ সংগ্ৰহত উপলব্ধ থকা তথ্যসমূহ ডিজিটেল পদ্ধতিৰে মাষ্টাৰ তথ্য কেন্দ্ৰ স্থাপন কৰা।
  • ৰাজ্যত ই-প্ৰশাসনৰ এক পদ্ধতিগত গঠনৰ বিকাশ সাধন কৰা।
  • বৰ্তমানৰ সেৱা প্ৰদান গণ্ডিৰ উৰ্দ্ধলৈ গতি কৰি নীতি গঠন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তথ্য আৰু বিশ্লেষণ বিদ্যা সমৃদ্ধ সাহাৰ্য্য প্ৰদান।
  • উৎকৃষ্ট ফলাফলৰ বাবে সম্পদৰ ফলপ্ৰসূ ব্যৱহাৰ, কাৰ্য্যক্ৰম সংসাধন আৰু আঁচনিৰ পৰ্যবেক্ষণ।

লক্ষ্যসমূহ

  • ভাৰত চৰকাৰৰ ই-প্ৰশাসনৰ আঁচনিসমূহ সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ কাৰ্য্যসম্পাদনৰ সামৰ্থ্য গঢ়ি তুলিবলৈ আমোলা আৰু অন্য অংশীদাৰসকলৰ মাজত জ্ঞান আৰু কৌশলৰ বিস্তাৰ সাধন কৰা।
  • ‘আই চি টি’ ৰ সহযোগত সু-প্ৰশাসনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।
  • আঁচনিৰ leader সকলৰ নেতৃত্ব গুণৰ উন্নতি সাধন আৰু তেওঁলোকৰ attitudinal পৰিৱৰ্তন সাধন কৰা।
  • পৰিৱৰ্তন ব্যৱস্থাপনাৰ দিশত সুবিধা প্ৰদান।
  • গৱেষণা আৰু উন্নয়ন কাৰ্য্যৰ বিকাশ সাধন কৰি সকলোবোৰ ই-প্ৰশাসন সম্পদৰ ভঁৰাল ৰূপে কাম কৰা।
  • ই-প্ৰশাসন আঁচনিসমূহ সংসাধিত কৰাৰ দিশত অসম চৰকাৰৰ বিভাগসমূহক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে কাৰ্য্য সম্পাদন কৰা।
  • শিক্ষণ আৰু গৱেষণা কাৰ্য্যসমূহত সুবিধা প্ৰদান কৰিবলৈ শেহতীয়া তথ্য প্ৰযুক্তিৰ আন্তঃগাঁথনি প্ৰদান।
  • ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণৰ বাবে বিভাগসমূহক Decision Support System (DSS) ৰ আৰ্হি গঠনত সাহাৰ্য্য আগবঢ়োৱা।
  • চৰকাৰী তথ্যসমূহ সংৰক্ষণ কৰিবলৈ আৰু জৰুৰী তথ্যসমূহ আৱিষ্কাৰ কৰিবলৈ মাষ্টাৰ তথ্য কেন্দ্ৰৰ সৃষ্টি কৰা।
  • ৰাজ্যত ই-প্ৰশাসনৰ বাবে ধাৰণাত্মক গাঁথনিৰ বিকাশ সাধন।
  • সৰ্বোচ্চ পৰ্যায়ত নীতি গঠন আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰলৈ তথ্য আৰু বিশ্লেষণাত্মক সাহাৰ্য্য প্ৰদান।
  • ই-প্ৰশাসন আঁচনিসমূহৰ সফল ৰূপত ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰক ফলপ্ৰসূ সম্পদৰ ব্যৱহাৰ, কাৰ্য্যক্ৰমৰ সংসাধন আৰু পৰিকল্পনা পৰ্যবেক্ষণৰ দিশত সাহাৰ্য্য আগবঢ়োৱা।

কাৰ্য্য সম্পাদন কৌশল

  • সাম্প্ৰতিক সময় আৰু ভৱিষ্যতৰ ই-প্ৰশাসন পৰিকল্পনাসমূহৰ সফল ৰূপত সংসাধনৰ বাবে প্ৰয়োজন হোৱা ভিন্ন পৰ্যায়ৰ জ্ঞান আৰু কৌশল সম্বন্ধে তথ্য আহৰণ।
  • সংগৃহীত তথ্যসমূহ বৰ্ণমালা ক্ৰমত সজোৱা আৰু ডিজিটেল কৰা।
  • ই-প্ৰশাসন পৰিকল্পনাৰ সফলতাৰ বাবে প্ৰয়োজন হোৱা তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্ভৱ হোৱা নতুন প্ৰযুক্তিসমূহৰ চিনাক্তকৰণ।
  • গেপ এনালিচিছ সম্পাদন।
  • বিশেষ সূত্ৰৰ উল্লেখকৰণ আৰু অনাগত তিনি বছৰলৈ ইয়াৰ ফলাফল লাভ।
  • লক্ষ্য আহৰণ কৰিবলৈ সম্পদৰ প্ৰস্তুতকৰণ।
  • এটি ফলপ্ৰসূ আৰু দক্ষতাপূৰ্ণ সংসাধন কৌশলৰ ব্যৱস্থা স্থাপন।
  • নিৰ্ধাৰিত ক্ষেত্ৰসমূহ, নেতৃত্ব গুণ, পৰিৱৰ্তন আৰু মানসিকতা পৰিৱৰ্তন আদি দিশত প্ৰশিক্ষণ প্ৰদান।