মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
নেতৃত্ব গুণৰ বিকাশ সাধনৰ কেন্দ্ৰ

কেন্দ্ৰৰ বিষয়ে

দৰ্শন

এই কেন্দ্ৰৰ লক্ষ্য হৈছে ইয়াৰ কাৰ্য্যসূচীসমূহৰ জৰিয়তে নেতৃত্ব কৌশল, শৈলীৰ আহৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু দ্ৰুত পৰিৱৰ্তিত পৰিৱেশৰ প্ৰশাসনীয় গাঁথনিৰ প্ৰতিটো স্তৰৰ বাবে প্ৰয়োজন হোৱা নেতৃত্ব গুণ গৱেষণাৰ মাধ্যমেৰে কৰ্মনিয়োগৰ ব্যৱস্থা।

উদ্দেশ্য

  • দ্ৰুত পৰিৱৰ্তিত পৰিৱেশত ৰাজ্যত ফলপ্ৰসূ শাসন ব্যৱস্থাৰ বাবে ৰূপান্তৰ সম্বন্ধীয় পৰিৱৰ্তনৰ সূচনাৰ বাবে যত্নপৰ হোৱা।
  • শাসন সম্বন্ধীয় কাৰ্য্যসমূহ পৰিচালনাৰ বাবে চৰকাৰী বিষয়াসকলক তেওঁলোকৰ নেতৃত্ব গুণৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে আগবঢ়াৰ উদ্গনি প্ৰদান।
  • উন্নয়ন সাধনৰ বাবে প্ৰয়োজনীয় ক্ৰম আৰু মুক্ত চিন্তাৰ এক ভাৰসাম্যপূৰ্ণ ভাৱনা পোষণ।
  • নতুন পৰিচালনা পদ্ধতি আৰু ইয়াৰ কৌশলৰ ব্যৱহাৰেৰে নিৰ্ধাৰিত কৰ্তব্য আৰু দায়িত্বসমূহ পালনৰ দক্ষতাপূৰ্ণ পৰিচালনা অভ্যাস গঢ়নৰ প্ৰতি যত্নপৰ হোৱা।
  • সময়ত প্ৰয়োজন হ’ব পৰাকৈ নেতৃত্ব গুণৰ সঠিক ব্যৱহাৰ কৰিবলৈ ভিন্ন পৰ্যায়ৰ চৰকাৰী বিষয়াসকলৰ বাবে নতৃত্ব গুণৰ বাবে প্ৰয়োজনীয় উপাদান প্ৰদান।

লক্ষ্যসমূহ

  • নেতৃত্ব গুণৰ বিভিন্ন element ৰ ওপৰত নিয়মীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন কৰি চৰকাৰী বিষয়াসকলক নেতৃত্ব গুণৰ শেহতীয়া জ্ঞান, ভংগীমা আৰু কৌশলৰ সৈতে পৰিচিতি কৰোৱা। এই গুণসমূহ কাৰ্য্যক্ষেত্ৰত প্ৰেৰণা, যোগাযোগ, লেনদেন বিশ্লেষণ, দলকাৰ্য্য, সৃষ্টিশীলতা আৰু চাপ ব্যৱস্থাপনা, সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে জড়িত।
  • Pedagogy/Andragogy শিক্ষানীতি আৰু বয়স্ক শিক্ষা পদ্ধতিৰ সংমিশ্ৰণেৰে বক্তৃতা, দলগত আলোচনা, অনুশীলন, ভূমিকা পালন, মামলা অধ্যয়ন আদিৰ অন্তৰ্ভুক্তিকৰণেৰে এটি সু-ভাৰসাম্যপূৰ্ণ প্ৰশিক্ষণ ব্যৱস্থাৰ নিয়োজন।
  • অংশগ্ৰহণকাৰী সকলে তেওঁলোকে গ্ৰহণ কৰা পাঠৰ অভিজ্ঞতা আৰু উদ্ভৱ হোৱা অৱস্থাৰ সম্বন্ধ স্থাপন কৰি চোৱাৰ বাবে উৎসাহ প্ৰদান কৰা হয়।
  • ফলপ্ৰসূ সেৱা প্ৰদানৰ বাবে কাৰ্য্যসম্পাদন সম্পৰ্কীয় আৰু মনোভাৱ উভয় দিশৰ পৰিৱৰ্তন সাধনত গুৰুত্ব প্ৰদান।
  • জনসাধাৰণক শক্তিশালী কৰি তুলিবৰ বাবে চৰকাৰ, ব্যৱসায় আৰু চিভিল চছাইটিৰ মাজত ফলপ্ৰসূ অংশীদাৰিত্ব স্থাপনৰ দিশত উদ্গনি প্ৰদান।
  • আৰম্ভণি পৰ্যায়ত ৰূপান্তৰমূলক নেতৃত্ব প্ৰক্ৰিয়াৰ মূল্যায়নৰ বাবে তন্ত্ৰ গঠন।
  • নেতৃত্বৰ ওপৰত জড়িত বিষয় আৰু ইয়াৰ সৈতে জড়িত অন্যান্য বিষয়বস্তুৰ ওপৰত সমকালীন গৱেষণা সম্পন্ন।