মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
আইন, বিচাৰ আৰু মানৱ অধিকাৰ কেন্দ্ৰ

কেন্দ্ৰৰ বিষয়ে

প্ৰয়োজন অনুসৰি বিচাৰালয়ত মামলা উপস্থাপন বা ইয়াৰ প্ৰতিৰোধ কৰাৰ ক্ষমতাৰ বাবে প্ৰয়োজন হয় দক্ষ আৰু দায়িত্বশীল মোকৰ্দমাকাৰীৰ উপস্থিতি। ‘ষ্টেট লিটিগেশ্যন পলিচি ২০১২’ য়ে চৰকাৰী বিষয়াসকলক যিয়ে কাগজ পত্ৰ প্ৰস্তুত কৰে আৰু চৰকাৰী উকিল যিয়ে মামলা মোকৰ্দমাসমূহ বিচাৰালয়ত উপস্থাপন কৰে তেওঁলোকৰ সামৰ্থ্য গঢ়ি তুলিবৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰাৰ ওপৰত জোৰ দি আহিছে। আইন, বিচাৰ আৰু মানৱ অধিকাৰৰ বাবে গঢ়ি উঠা কেন্দ্ৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় সমাজৰ পৰিচালনা পৰিষদৰ নিৰ্দেশমৰ্মে স্থাপিত হৈছে। ইয়াৰ মৌলিক উদ্দেশ্য হৈছে আইন সম্পৰ্কীয় গৱেষণাৰ কাৰ্য্যকলাপ বৃদ্ধি আৰু চৰকাৰী বিভাগৰ বিৰুদ্ধে মোকৰ্দমা হ্ৰাস পোৱাৰ বাবে এই বিভাগসমূহৰ প্ৰয়োজনীয় সংশোধনৰ পৰামৰ্শদান।

দৰ্শন

অসম চৰকাৰৰ বিৰুদ্ধে মোকৰ্দমা শূণ্যলৈ অৱনমিত কৰা।

উদ্দেশ্য

  • প্ৰয়োজনীয় সময়ত কাৰ্য্য সম্পাদনৰ বাবে সকলো চৰকাৰী বিষয়াকে আইনৰ জ্ঞানেৰে পৰিপুষ্ট কৰি তোলা।
  • আইনী সেৱা আৰু ন্যায় প্ৰদানৰ সকলোবোৰ দিশ বুজি উঠিব পৰাকৈ চৰকাৰী বিষয়াসকলক শিক্ষিত কৰি তোলা।
  • কৰ্মচাৰী, অংশীদাৰ, মক্কেল আৰু হিতাধিকাৰীসকলৰ বিধিগত বিপত্তিসমূহৰ প্ৰতি সঁহাৰি জনোৱা।
  • মোকৰ্দমাৰ হ্ৰাসকৰণ।
  • ধনাত্মক ফলাফল লাভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ বিৰুদ্ধে উঠা মোকৰ্দমাসমূহৰ ফলপ্ৰসূতাৰে সম্পাদন।

লক্ষ্যসমূহ

  • প্ৰশিক্ষণ আৰ্হি আৰু পঢ়ন সামগ্ৰীৰ বিকাশ সাধন।
  • চৰকাৰী বিষয়াসকলক তলত দিয়া বিষয়সমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান:
    (১) প্ৰাসংগিক আইন আৰু নীতি-নিয়ম।
    (২) বিচাৰালয়ৰ প্ৰক্ৰিয়া।
    (৩) পেৰেগ্ৰাফ অনুসৰি মন্তব্য লিখাৰ পদ্ধতি (প্ৰশিক্ষণৰ সময়ছোৱাত হাতেৰে লিখিবলৈ দিয়া হয়) ।
    (৪) নিন্দনীয় বা মানহানিকৰ মোকৰ্দমাসমূহ পৰিচালনা কৰাৰ নিয়ম।
  • সেৱা প্ৰদানৰ সঠিক পদ্ধতি আৰু অভিযোগ নিষ্পত্তি তন্ত্ৰৰ বিকাশ সাধন।
  • বিষয়াসকলক আইন আৰু নীতি-নিয়ম সম্বন্ধীয় শেহতীয়া উন্নয়ন (সংশোধনী, উচ্চতম ন্যায়ালয়ৰ নিয়ম ইত্যাদি)ৰ বাতৰিৰে সৈতে পৰিচিতিকৰণ।
  • আইনী সংক্ৰান্তীয় বিষয়সমূহ আৰু পদ্ধতিসমূহৰ ওপৰত জ্ঞান আৰু কৌশল আহৰণৰ বাবে বিষয়াসকলৰ আগ্ৰহ বৃদ্ধি কৰা।
  • প্ৰশিক্ষকৰ প্ৰশিক্ষণ (ট্ৰেনিং অৱ ট্ৰেনাৰ্ছ (টি অ টি) কাৰ্য্যসূচী) ৰ আয়োজন কৰি প্ৰশিক্ষকসকলৰ যোগ্যতাৰ বিকাশ সাধন যি প্ৰশিক্ষণৰ অন্তত তৃণমূল পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কাৰ্য্য সম্পাদন কৰে।
  • বিধিগত পদ্ধতিৰে প্ৰমাণপত্ৰ পাঠ্যক্ৰম পৰিচালনা কৰা আৰু চৰকাৰী বিষয়াসকলৰ বাবে থকা স্বীকৃত আইন বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ সহযোগত প্ৰমাণপত্ৰ প্ৰদান যি প্ৰমাণপত্ৰ বিষয়াসকলৰ প্ৰগতিৰ সৈতে জড়িত।
  • দূৰ শিক্ষা কাৰ্য্যসূচীৰ সূচনা।
  • নিৰ্ধাৰিত দলসমূহৰ বাবে প্ৰশিক্ষণ কাৰ্য্যক্ৰম অধিক আকৰ্ষণীয় কৰি তোলা।

কাৰ্য্যপন্থা

তলত উল্লেখ কৰা কাৰ্য্যপন্থা সমূহৰ জৰিয়তে আইন আৰু ন্যায়ৰ বাবে গঢ়ি উঠা কেন্দ্ৰসমূহে নিৰ্ধাৰিত লক্ষ্যসমূহ লাভ কৰিবলৈ যত্নপৰ হয়:

  • প্ৰশিক্ষণ
  • কৰ্মশালা
  • আইন বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান সমূহৰ সৈতে অংশীদাৰিত্ব স্থাপন।
  • পঢ়ন সামগ্ৰী আৰু কেচ ষ্টাডিজৰ বিকাশ সাধন।
  • গৱেষণা আঁচনি
  • ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে তথ্য সংগ্ৰহ।
  • বিশিষ্ট আইনজ্ঞৰ সৈতে চৰকাৰী বিষয়াৰ কথোপকথন।