মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

আমাৰ কেন্দ্ৰসমূহ

দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ

কেন্দ্ৰৰ বিষয়ে

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰে স্পঞ্জৰ কৰা আঁচনিৰ অধীনত ২০০৩ চনৰ মাৰ্চ মাহত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ স্থাপিত হয়। দুগৰাকী ফেকাল্টি সদস্যৰ নিয়োগেৰে এই কেন্দ্ৰই কাম আৰম্ভ কৰে। গৃহ মন্ত্ৰালয়, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, নতুন দিল্লীৰ অধীনত দুৰ্যোগ ব্যৱস্থাপনাৰ দিশত এই কেন্দ্ৰই উন্মুখীকৰণ আৰু নতুন প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদান কৰি আহিছে।

প্ৰশিক্ষক আৰু কাৰ্য্যপ্ৰণালী

প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে স্থাপিত কেন্দ্ৰত ২০০৩ চনৰ মাৰ্চত প্ৰশিক্ষকে যোগদান কৰে। এগৰাকী অধ্যাপকে এই কেন্দ্ৰৰ মুৰব্বীৰ ভূমিকা পালন কৰে আৰু এগৰাকী গৱেষণা বিষয়াই তেওঁক সাহাৰ্য্য আগবঢ়ায়। তেওঁলোকে কেন্দ্ৰৰ কাৰ্য্যসূচীসমূহৰ আৰ্হি গঠন, নিৰ্দেশনা আৰু সমন্বয় সাধন কৰে।

কেন্দ্ৰৰ অতিথি শিক্ষকৰ ভিতৰত ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ বিষয়া, বিশ্ববিদ্যালয়ৰ শিক্ষক, স্বশাসিত দল, বেচৰকাৰী সংগঠনসমূহ অন্যতম। প্ৰশিক্ষণৰ সঁজুলিসমূহ অডিঅ’ভিজুয়্যাল প্ৰেজেণ্টেশ্যন, ব্যৱহাৰিক প্ৰদৰ্শন, অনুশীলন আৰু দল অলোচনাৰ জৰিয়তে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়।

উদ্দেশ্য আৰু লক্ষ্যসমূহ

কেন্দ্ৰৰ প্ৰধান লক্ষ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ দিশত প্ৰতিৰোধ, প্ৰস্তুতি, প্ৰশমন আৰু অন্যান্য ক্ষেত্ৰত সামৰ্থ্য বৃদ্ধি কৰি প্ৰশিক্ষণ সুবিধাসমূহ শক্তিশালী কৰা। কেন্দ্ৰৰ বিভিন্ন লক্ষ্যসমূহ হৈছে:

  • চৰকাৰী বিভাগ, সংস্থা, ব্যক্তিগত খণ্ডৰ দল, বেচৰকাৰী সংগঠন, পৰিচালক আৰু সেইসকল ব্যক্তি যি ৱাৰ্ণিং প্ৰচেছ, আপাদকালীন কাৰ্য্য সম্পাদন ইত্যাদি কাৰ্য্যৰ সৈতে জড়িত ব্যক্তিসকলক প্ৰশিক্ষণ প্ৰদান কৰে।
  • দুৰ্যোগ ব্যৱস্থাপনাৰ মানদণ্ডৰ উন্নতি সাধন কৰিবলৈ পেশাদাৰী, বিজ্ঞানসন্মত, কাৰিকৰী আৰু গৱেষণা প্ৰতিষ্ঠান/ সংগঠন/ সুনিপুণ ব্যক্তিৰ সহায়ত গৱেষণাৰ প্ৰজেক্ট/অধ্যয়ন সমূহ গ্ৰহণ।
  • কম্পিউটাৰ ডেটাবেছ প্ৰগ্ৰ্যামৰ ব্যৱহাৰেৰে উপলব্ধ তথ্যসমূহ সংগ্ৰহ কৰা।
  • পুষ্টিকা, চপা মাধ্যম, টেলিভিশ্বন, ৰেডিঅ’, ৰাজহুৱা সভা, কৰ্মশালাৰ আয়োজন আৰু অন্যান্য আনুসংগিক উপায়েৰে ইয়াৰ প্ৰচাৰ কৰা।
  • প্ৰাকৃতিক দুৰ্যোগৰ পৰা হ’ব পৰা ক্ষতিসাধনৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা।
  • প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আৰু ইয়াৰ পিছত পৰিয়াল আৰু সমাজৰ কাৰণে সৰ্বোৎকৃষ্ট আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ যোগ্যতাসম্পন্ন কৰি তোলা।
  • সাহাৰ্য্য উপলব্ধ নোহোৱালৈ জনসাধাৰণে নিজেই নিজৰ সহায়তা কৰিব পৰাকৈ তেওঁলোকক প্ৰশিক্ষণ প্ৰদান।
  • জনসাধাৰণক সাহাৰ্য্য প্ৰদান কৰিবলৈ চৰকাৰৰ পৰিকল্পনা আৰু কাৰ্য্যসূচীৰ বিষয়ে জনসাধাৰণক অৱগত কৰা।

দৰ্শন

  • ভূমিকম্প, বানপানী আৰু ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা বিষয়ত উৎকৃষ্ট কেন্দ্ৰ হিচাপে আৱিৰ্ভাৱ হোৱা।
  • দুৰ্যোগ ব্যৱস্থাপনা বিষয়ত জি আই এছ ডেটাবেছ সৃষ্টি।