মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
সংস্কাৰ সাধন আৰু ভৱিষ্যত অধ্যয়নৰ কেন্দ্ৰ

কেন্দ্ৰৰ দ্বাৰা পৰিচালিত কাৰ্য্যসূচীসমূহ

কাৰ্য্যসূচীসমূহ

  • অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৩ মে’ ২০১৬ ৰ পৰা ৬ মে’ ২০১৬ লৈ তিনি আৰু আধা দিনজোৰা প্ৰশিক্ষণ কাৰ্য্যসূচীৰে ‘ইন’ভেশ্যনছ ইন ট্ৰেনিং: এক্সিলেন্স ইন প্ৰফেশ্যন্যাল পাৰ্ফম্যান্স’ কেন্দ্ৰই কম্পিটেন্স ইন মোচন, জি আই জেড, ইণ্ডিয়া, Deutsche Gesellschaft fur Internationale Zusammenarbeit (GIZ) GmbH ৰ সহযোগত সম্পন্ন কৰে। এই প্ৰশিক্ষণ কাৰ্য্যসূচীত ৩০ গৰাকী বিভিন্ন আগশাৰীৰ প্ৰশিক্ষণ, গৱেষণা আৰু একাডেমি প্ৰতিষ্ঠানৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
  • ৩ আৰু ৪ অক্টোবৰ ২০১৬ ত দুদিনীয়া কাৰ্য্যসূচীৰে ‘ইন’ভেশ্যন লেব’ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাখনি বিত্ত, পৰিকল্পনা আৰু উন্নয়ন বিভাগ (বৰ্তমানে পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ), এছ ডি জি কেন্দ্ৰ, অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় আৰু ‘ইউ এন ডি পি’ৰ সহযোগত সফলতাৰে সম্পন্ন কৰা হয়। ‘ইন’ভেশ্যন লেব’ৰ কাৰ্য্য পৰিচালনাৰ বাবে জাৰ্মানীৰ পৰা বিশেষজ্ঞ ব্যক্তি আমন্ত্ৰণ কৰি অনা হয়।
  • ২০১৬-১৭ চনত ‘প্ৰমোটিং ইন’ভেশ্যনছ ইন এগ্ৰিকালচাৰ, হেলথ, এডুকেশ্যন এণ্ড ট্ৰ্যান্সপোৰ্ট’ বিষয়ক এখন ঘূৰণীয়া মেজমেল আৰু এখন কৰ্মশালাকে আদি কৰি মুঠ ১৫ টা প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ উদ্যোগ গ্ৰহণ কৰা বিষয়সমূহ হৈছে – ‘এক্সিলেন্স ইন প্ৰফেশ্যন্যাল পাৰ্ফম্যান্স’, ‘ক্ৰিয়েটিভিটি এণ্ড ইন’ভেশ্যনছ এট ৱৰ্কপ্লেচ’, ‘ইন’ভেশ্যনছ এণ্ড মেনেজিং চেঞ্জ’, ‘ইন’ভেশ্যনছ এণ্ড লীডাৰশ্বিপ’, ‘ইন’ভেশ্যনছ ইন এডমিনিষ্ট্ৰেশ্যন এণ্ড পাব্লিক ছাৰ্ভিছ ডেলিভাৰী’, ‘এচেছমেণ্ট অৱ বেষ্ট প্ৰেক্টিছেছ ইন গভাৰ্ণেন্স এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন: এপ্ৰ’চেছ এণ্ড মেথডল’জিছ’ আৰু ‘নলিজ মেনেজমেণ্ট এণ্ড ইষ্টিটিউশ্যন্যাল লাৰ্ণিং’।

পাঠ্যক্ৰমসমূহ

কেন্দ্ৰই তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত পাঠ্যক্ৰম প্ৰদান কৰে:

  • প্ৰশাসন আৰু লোকসেৱা প্ৰদানৰ দিশত নতুনত্বৰ উদ্ভাৱন।
  • সৃষ্টিশীলতা আৰু নতুনত্বৰ প্ৰক্ৰিয়াসমূহ।
  • নিৰ্বাচিত চৰকাৰী খণ্ডসমূহত সংস্কৰণৰ উন্নতি সাধন।
  • সংস্কৰণৰ দৃষ্টিকোণ, প্ৰত্যাহ্বান আৰু ইয়াৰ সম্ভাৱনীয়তা।

অন্যান্য কাৰ্য্যসূচীসমূহৰ ভিতৰত ই ভৱিষ্যত অধ্যয়নৰ কৰ্মশালাৰ আয়োজন, সৰ্বোৎকৃষ্ট উদ্ভাৱনীমূলক অভ্যাস ইত্যাদি বিষয়বস্তু সামৰি লয়।