মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
নেতৃত্ব গুণৰ বিকাশ সাধনৰ কেন্দ্ৰ

কাৰ্য্য আৰু কাৰ্য্যসূচীসমূহ

প্ৰশিক্ষণ কাৰ্য্যসূচীসমূহ কেন্দ্ৰৰ অবিচ্ছেদ্য অংগ। ইয়াৰ বাবে বিশেষ বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ আগতে বিষয়বস্তু সমূহ আগতীয়াকৈ চিনাক্তকৰণ কৰা হয় আৰু প্ৰশিক্ষণ বৰ্ষসমূহৰ আৰ্হি এনেদৰে প্ৰস্তুত কৰা হয় যে ইয়াত মনোযোগ প্ৰদানৰ বাবে চৰকাৰী বিষয়াসকলে অধিক সুবিধা লাভ কৰিব পাৰে। নেতৃত্ব বিকাশৰ কেন্দ্ৰ (চেণ্টাৰ ফৰ লীডাৰশ্বিপ ডেভেলপমেণ্ট) ই ২০১৬-১৭ বিত্তীয় বৰ্ষত তলত উল্লিখিত কাৰ্য্যসমূহ সফলতাৰে সম্পন্ন কৰে:

  • ট্ৰ্যানজেকশ্যন্যাল এনালিচিছ এণ্ড ৰেজিষ্টেন্স টু চেঞ্জ।
  • পৰিৱৰ্তনৰ নিৰ্দেশনা – বহনক্ষম ভৱিষ্যতৰ বিকাশৰ দৃশ্যপট গঠন, ন্যায্যতা আৰু সমতা
  • কৰ্মস্থলত সৃষ্টিশীলতা আৰু চাপ ব্যৱস্থাপনা
  • ‘আত্ম আৱিষ্কাৰ’ আৰু আত্ম প্ৰেৰণা
  • ৰূপান্তৰমূলক নেতৃত্ব।
  • মানৱ অধিকাৰ, শান্তি আৰু সংঘৰ্ষ ব্যৱস্থাপনা।
  • ভাৱমূৰ্তি পৰিৱৰ্তন কাৰিকৰী।
  • সহজ ৰূপত পৰিৱৰ্তন সাধন (পৰিৱৰ্তন ব্যৱস্থাপনা)
  • নৈতিক বিষয়বস্তু (প্ৰশাসন আৰু সেৱা প্ৰদান বিষয়ত নৈতিকতা)
  • দলীয় কৰ্মসম্পাদন
  • পাৰস্পৰিক সম্বন্ধ আৰু যোগাযোগ
  • নেতৃত্ব বিকাশ কেন্দ্ৰই অতিৰিক্ত ৰূপত ২০১৬-২০১৭ বিত্তীয় বৰ্ষত লোকসভা সদস্যসকলৰ এখনি কৰ্মশালা সফলতাৰে সম্পন্ন কৰে।

পাঠ্যক্ৰমসমূহ

বিত্তীয় বৰ্ষ ২০১৭-২০১৮ চনৰ বাবে গ্ৰহণ কৰা হোৱা প্ৰশিক্ষণ কাৰ্য্যসূচীসমূহ তলত দিয়া ধৰণৰ:

  • ট্ৰ্যানজেকশ্যন্যাল এনালিচিছ এণ্ড ৰেজিষ্টেন্স টু চেঞ্জ।
  • নলিজ মেনেজমেণ্ট এণ্ড ইনষ্টিটিউশ্যন্যাল লাৰ্ণিং
  • ৰূপান্তৰমূলক নেতৃত্ব।
  • মানৱ অধিকাৰ, শান্তি আৰু সংঘৰ্ষ ব্যৱস্থাপনা।
  • নেতৃত্ব আৰু পৰিচালনা শৈলী।
  • ‘আত্ম আৱিষ্কাৰ’ আৰু আত্ম প্ৰেৰণা
  • নৈতিক বিষয়বস্তু
  • সন্মিলিত সামাজিক দায়বদ্ধতা: সজাগতা, প্ৰভাৱ আৰু তাৎপৰ্য
  • দলীয় কৰ্মসম্পাদন।
  • কৰ্মস্থলত সৃষ্টিশীলতা আৰু চাপ ব্যৱস্থাপনা

নেতৃত্ব বিকাশ কেন্দ্ৰৰ এক উদ্যোগ হিচাপে কেন্দ্ৰই কৰ্মশালা, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰে লগতে চৰকাৰী বিষয়াসকলে মুখামুখি হ’ব পৰা অৱস্থাসমূহৰ ব্যৱহাৰিক দিশৰ শিক্ষা প্ৰদান কৰে। তদুপৰি এনে ভাৱ বিনিময় অনুষ্ঠানে জ্ঞান বিলাই দিয়াৰ ক্ষেত্ৰত আৰু জ্ঞানৰ পৰিচিতিকৰণৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰে লগতে ই গৱেষণা কাৰ্য্যসমূহ সম্পন্ন কৰাত সহায় কৰে। গৱেষণা পত্ৰৰ প্ৰেজেণ্টেশ্যনে গৱেষণা কাৰ্য্যসমূহৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰে আৰু জ্ঞানৰ ভাণ্ডাৰক আৰু অধিক মূল্যবান কৰি তোলে।

২০১৭-২০১৮ বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰিত কৰা হোৱা কৰ্মশালাসমূহ তলত দিয়া ধৰণৰs:

  • “পৰিৱৰ্তিত পৰিৱেশত নেতৃত্ব” বিষয়ক কৰ্মশালা।
  • “লীডাৰশ্বিপ এণ্ড চেঞ্জ মেনেজমেণ্ট” শীৰ্ষক ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ আৰু গৱেষণাপত্ৰ প্ৰদৰ্শন।