মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
বহনক্ষম উন্নয়নৰ কেন্দ্ৰ

কেন্দ্ৰৰ বিষয়ে

দৰ্শন

অসম চৰকাৰৰ সমূহ বিভাগকে তেওঁলোকৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গৱেষণা আৰু প্ৰযুক্তিগত সাহাৰ্য্য প্ৰদান কৰা ‘চি এছ ডি জি’ হৈছে এক চিন্তাৰ ভঁৰাল। ইয়াৰ জৰিয়তে ‘এছ ডি জি’ আৰু অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়’ ৰ বাবে থকা কেন্দ্ৰসমূহে ৰাজ্যৰ ‘এছ ডি জি’ ৰ উদ্যোগৰ বাবে থকা অংশীদাৰসকলক বিস্তৃত নীতি আৰু কাৰ্য্য সম্পাদন কৌশলৰ আৰ্হি গঠন আৰু সংসাধনৰ ক্ষেত্ৰত সুবিধা প্ৰদানৰ বাবে বাধ্য আৰু লগতে সমসাময়িক ৰূপত অসমৰ উন্নয়ন প্ৰক্ৰিয়াৰ লেখকৰণ বা ৰেকৰ্ডৰ বাবে সময়মতে ইয়াৰ পৰীক্ষণ আৰু মূল্যায়নৰ ব্যৱস্থা। এই কেন্দ্ৰই চৰকাৰী কাৰ্য্যক্ৰমসমূহত সামৰ্থ্য গঢ়ন আৰু কৌশল আৰু নিপুণতাৰ দিশত সুবিধা প্ৰদানৰ দিশটো দায়বদ্ধ। এই ক্ষেত্ৰত এই কেন্দ্ৰসমূহে ৰাজ্য চৰকাৰ আৰু অন্যান্য প্ৰধান অংশীদাৰ যেনে আন্তৰ্জাতিক সংগঠন উচ্চ প্ৰতিষ্ঠান আৰু সংস্থা, অভিজ্ঞ ব্যক্তি, ক’ৰ্পোৰেট, ছিভিল ছছাইটি ইত্যাদিৰ মধ্যস্থতাকাৰী ৰূপত কাৰ্য্য সম্পাদন কৰে।

উদ্দেশ্য

  • ৰাজ্যৰ পৰিকল্পনা, সংসাধন আৰু পৰ্যবেক্ষণ পদ্ধতিৰ সশক্তিকৰণেৰে এছ ডি জি লাভৰ সুবিধাৰ সৃষ্টি।
  • অংশীদাৰসকলৰ এটি শক্তিশালী যোগাযোগ ব্যৱস্থা স্থাপন যাৰ জৰিয়তে চৰকাৰক এছ ডি জি লাভৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণত সহায়তা কৰিব পাৰে।
  • এটি জ্ঞানৰ ভাণ্ডাৰৰ বিকাশ সাধন আৰু চৰকাৰক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মনিয়োগ কৰাৰ ক্ষেত্ৰত যোগ্য কৰি তোলা।

লক্ষ্য

  • চৰকাৰী বিভাগসমূহৰ মাজত উন্নয়নৰ এটি সংহত সুবিধা হিচাপে এছ ডি জি সমূহৰ ওপৰত সজাগতা সৃষ্টি।
  • চৰকাৰী কাৰ্য্যক্ৰমসমূহ আৰু অন্যান্য অংশীদাৰসকলৰ সামৰ্থ্য গঢ়নত সহায় আগবঢ়োৱা আৰু প্ৰশিক্ষণ প্ৰণালীৰ উন্নতি সাধন।
  • ৰণনীতি আৰু কাৰ্য্য পৰিকল্পনা যুগুত কৰিবলৈ বিভাগসমূহক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান আৰু বিভাগসমূহক তেওঁলোকৰ পৰিকল্পনা সংসাধন কৰি ৰাজ্য চৰকাৰৰ এছ ডি জি উদ্যোগ তৃণমূল পৰ্যায়লৈ আগবঢ়াই নিয়াৰ দিশত পথ প্ৰদৰ্শন।
  • এছ ডি জি লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্যই আগবঢ়াৰ দিশত মূল্যায়ন আৰু প্ৰতিবেদন প্ৰস্তুতকৰণৰ বাবে বিভাগসমূহক এম আই এছ স্থাপনত সাহাৰ্য্য প্ৰদান।
  • এছ ডি জি সংসাধনৰ পিছতে ইয়াৰ ওপৰত গৱেষণা সম্পন্ন।
  • চৰকাৰ আৰু অন্যান্য অংশীদাৰ সকলৰ মাজত পৰিচিতিকৰণ।