প্ৰশাসন ব্যৱস্থাৰ সৰ্বোৎকৃষ্ট অভ্যাস সমূহৰ উন্নিতকৰণ আৰু প্ৰচাৰৰ বাবে ‘চেণ্টাৰ ফৰ ইন’ভেশ্যন এণ্ড ফিউচাৰ ষ্টাডিজ’ য়ে ইন’ভেশ্যন ইন পাব্লিক চিষ্টেম, হায়দৰাবাদৰ সৈতে ‘মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং’ ত স্বাক্ষৰ কৰে।
কেন্দ্ৰৰ লক্ষ্যসমূহ
- তৃণমূল পৰ্যায়ত নতুনত্ব আৰু সৃষ্টিশীলতাৰ উপাদানসমূহ আহৰণ কৰা।
- বিভিন্ন পৰিকল্পনা আৰু আঁচনিৰ বিষয়ে অধ্যয়নৰ জৰিয়তে প্ৰশাসনত সৃষ্টিশীলতা আৰু নতুনত্বৰ প্ৰয়োগৰ প্ৰয়োজনীয়তাৰ মূল্যায়ন।
- সৃষ্টিশীলতা, নৱ উদ্ভাৱন আৰু ভৱিষ্যত অধ্যয়নৰ বাবে জ্ঞান আৰু কৌশল বৃদ্ধিৰ জৰিয়তে চৰকাৰৰ কাৰ্য্য সম্পাদনৰ সামৰ্থ্য গঢ়ন।
- অসম চৰকাৰৰ বিভাগসমূহলৈ পৰামৰ্শ প্ৰদান।
- প্ৰশাসনৰ দিশত সংসাধন কৰা হোৱা নতুনত্বসমূহৰ বিষয়ে অধ্যয়ন।
- প্ৰশাসনৰ দিশত গঢ়া সু-অভ্যাস সমূহৰ উন্নতি সাধন আৰু প্ৰসাৰণ।
- সকলো চৰকাৰী বিভাগ আৰু অসামৰিক সেৱাৰ বিষয়াসকলৰ মাজত সৃষ্টিশীলতাৰ উদ্দীপনা উন্মেষ ঘটোৱা।
- অসমৰ প্ৰশাসনৰ দিশত উদ্ভৱ হোৱা সু-অভ্যাস সমূহৰ প্ৰতিচ্ছবিৰ প্ৰসাৰ সাধন।
- সু-অভ্যাস সমূহৰ বিষয়ে দৈনন্দিন ৰূপত কৰ্মশালাৰ আয়োজন কৰা।