মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
আইন, বিচাৰ আৰু মানৱ অধিকাৰ কেন্দ্ৰ

কেন্দ্ৰৰ দ্বাৰা পৰিচালিত কাৰ্য্যসূচীসমূহ

(১) চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা ন্যায়ালয় সংক্ৰান্ত মোকৰ্দমাসমূহৰ হ্ৰাসকৰণ আৰু এনে মামলা মোকৰ্দমা পৰিচালনাৰ কৌশল বিকাশৰ ওপৰত আয়োজিত কৰ্মশালা।
তাৰিখ: ৪/৫/২০১৬
অংশগ্ৰহণকাৰীৰ সংখ্যা: ১৩০ গৰাকী

এই অনুষ্ঠানত উত্থাপিত কৰণীয়সমূহ হৈছে:

  1. সকলো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
  2. বিভাগসমূহৰ মাজত অধিক উন্নত সহযোগিতা। একে বিভাগৰে ভিন্ন কাৰ্য্যালয়ৰ মাজত এনে সহযোগিতা স্থাপন।
  3. ব্যক্তিগত চৰকাৰী অধিবক্তাই আৰম্ভণিৰ পৰা শেষলৈ ব্যক্তিগত মামলা মোকৰ্দমাসমূহ পৰিচালনা কৰাৰ বাবে অনুমতি লাভ কৰিব লাগে।
  4. চৰকাৰী অধিবক্তাসকলৰ নিযুক্তি যোগ্যতা ভিত্তিক হ’ব লাগে।
  5. সকলো বিভাগতে বিধিগত কোষ স্থাপন কৰিব লাগে। বিধিগত কোষ সমূহৰ ‘ইনষ্টিটিউশ্যনেলাইজড মেমৰী’ সমূহৰ বৃদ্ধি কৰিবৰ বাবে থকা নীতিসমূহৰ এটি আকাৰ গঢ় দিব লাগে।
  6. মামলা মোকৰ্দমাসমূহৰ পৰ্যবেক্ষণৰ ক্ষেত্ৰত প্ৰক্ৰিয়াগত পলম হ্ৰাস কৰিব লাগে।
  7. সকলো অংশীদাৰৰ একত্ৰিকৰণেৰে আইন, সেৱা প্ৰদানৰ নীতি-নিয়ম সমূহ সময়োপযোগী কৰিব লাগে আৰু প্ৰয়োজনীয় সংশোধন ঘটাব লাগে।
  8. বিভাগীয় ৱেবচাইট সৃষ্টি: বিভাগৰ সৈতে জড়িত আইন, নীতি-নিয়ম ইত্যাদি সকলো সঠিককৈ আপলোড কৰিব লাগে। সহজ সমাধানৰ বাবে এটি ‘এফ এ কিউ’ বা সঘনাই সোধা প্ৰশ্নৰ এটি শিতান ৰাখিব লাগে।
  9. বিভাগীয় কৰ্মচাৰীসকলৰ কৰ্মক্ষমতাৰ সংশোধনী ঘটাব লাগে।
  10. সঞ্চালক আৰু বিভাগৰ মাজত প্ৰাসংগিক ভাব বিনিময়।
  11. বিষয়া আৰু কৰ্মচাৰীসকলৰ মাজত আপোন ভাবৰ সৃষ্টি কৰা।

(২) ন্যায়ালয়ৰ মোকৰ্দমাসমূহ পৰিচালনা কৰাৰ প্ৰশিক্ষণ প্ৰদান।
তাৰিখ: ২৪/৫/২০১৬ ৰ পৰা ২৬/৫/২০১৬ লৈ
অংশগ্ৰহণকাৰীৰ সংখ্যা: ৩৩ গৰাকী।

(৩) চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয় সংক্ৰান্ত মোকৰ্দমা আৰম্ভ হোৱাত প্ৰতিৰোধৰ বাবে সামৰ্থ্য গঢ়ন।
তাৰিখ: ২৭/৬/২০১৬ ৰ পৰা ১/৭/২০১৬ লৈ
অংশগ্ৰহণকাৰীৰ সংখ্যা: ২৪ গৰাকী।

(৪) বিভাগীয় কাৰ্য্যবাহী
তাৰিখ: ৪/৮/২০১৬ ৰ পৰা ৬/৮/২০১৬ লৈ
অংশগ্ৰহণকাৰীৰ সংখ্যা ২২ গৰাকী।

(৫) তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান।
তাৰিখ: ৭/১১/২০১৬ ৰ পৰা ৮/১১/২০১৬ লৈ
অংশগ্ৰহণকাৰীৰ সংখ্যা: ৩০ গৰাকী।

(৬) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়াসকলৰ সামৰ্থ্য গঢ়ন কাৰ্য্যসূচী।
তাৰিখ: ১৯ ৰ পৰা ২০ ডিচেম্বৰ ২০১৬ লৈ
অংশগ্ৰহণকাৰীৰ সংখ্যা ৪৫ গৰাকী।

(৭) শিক্ষা বিভাগৰ বিষয়াসকলৰ বাবে সামৰ্থ্য গঢ়ন কাৰ্য্যক্ৰম।
তাৰিখ: ২ জানুৱাৰীৰ পৰা ৬ জানুৱাৰী ২০১৭ লৈ
অংশগ্ৰহণকাৰীৰ সংখ্যা ১২ গৰাকী।

(৮) ‘নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু ইয়াৰ ব্যৱসায় প্ৰতিৰোধৰ ক্ষেত্ৰত লোকসেৱক সকলৰ ভূমিকা’ শীৰ্ষক কৰ্মশালা।
তাৰিখ: ৩০ ডিচেম্বৰ ২০১৬
অংশগ্ৰহণকাৰীৰ সংখ্যা: ৪৮ গৰাকী।

(৯) ‘ন্যায়ালয়ৰ মোকৰ্দমাসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত ডেপুটি আয়ুক্তৰ সমস্যাসমূহ’ শীৰ্ষক কৰ্মশালা।
তাৰিখ: ৩০ জানুৱাৰী ২০১৭
অংশগ্ৰহণকাৰীৰ সংখ্যা: ৩১ গৰাকী।

(১০) অনুসূচীত জাতি/অনুসূচীত জনজাতি সংৰক্ষণ নীতিৰ প্ৰশিক্ষণ পাঠ্যক্ৰম।
তাৰিখ: ২ ৰ পৰা ৩ ফেব্ৰুৱাৰী ২০১৭ লৈ
অংশগ্ৰহণকাৰীৰ সংখ্যা: ১৫ গৰাকী।

(১১) অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ বাবে মেজিষ্ট্ৰেটৰৰ পদ।
তাৰিখ: ২০ ৰ পৰা ২২ ফেব্ৰুৱাৰী ২০১৭ লৈ
অংশগ্ৰহণকাৰীৰ সংখ্যা: ১৮ গৰাকী।

(১২) কাৰ্য্য বিভাগৰ কাৰ্য্যকৰী শাখাৰ বিশেষ উল্লেখ অনুসৰি ন্যায়ালয়ৰ মোকৰ্দমাসমূহৰ পৰিচালনা।
অংশগ্ৰহণকাৰীৰ সংখ্যা: ২৩ গৰাকী।

(১৩) মানৱ সৰবৰাহ প্ৰতিহতকৰণ আৰু এই কাৰ্য্যৰ বলি হোৱা ব্যক্তিসকলৰ পুনৰ সংস্থাপনৰ দিশত লোকসেৱক সকলৰ ভূমিকা শীৰ্ষক কৰ্মশালা।
অংশগ্ৰহণকাৰীৰ সংখ্যা: ৬৮ গৰাকী।