মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
ই-প্ৰশাসনৰ কেন্দ্ৰ

কাৰ্য্য আৰু কাৰ্য্যসূচীসমূহ

কাৰ্য্যসমূহ

এই বিস্তৃত কাৰ্য্যক্ষেত্ৰৰ অধীনত ই-প্ৰশাসন কেন্দ্ৰসমূহে তলত দিয়া কাৰ্য্যসমূহ হাতত লয় –

  • চৰকাৰী কাৰ্য্যসূচীৰ বিভিন্ন পৰ্যায়ৰ বাবে ই-প্ৰশাসনৰ প্ৰশিক্ষণ পদ্ধতিৰ উন্নিতকৰণ।
  • আৰ্ট তথ্য প্ৰযুক্তি আন্তঃগাঁথনিৰ শেহতীয়া অৱস্থাৰ উন্নয়ন।
  • ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ই-প্ৰশাসন বিষয়ক উদ্ভাৱনী অভ্যাসৰ গঠন।
  • প্ৰয়োজনীয় মানৱ শক্তি নিয়োগ।
  • বিভিন্ন পৰ্যায়ৰ চৰকাৰী বিষয়াৰ বাবে প্ৰশিক্ষণ প্ৰদান কাৰ্য্যক্ৰম পৰিচালনা।
  • ই-প্ৰশাসন ক্ষেত্ৰত গৱেষণামূলক কাৰ্য্যসমূহৰ দায়িত্বভাৰ গ্ৰহণ।
  • এই ক্ষেত্ৰত কেন্দ্ৰসমূহে গ্ৰহণ কৰা উদ্যোগৰ বিষয়ে প্ৰচাৰ কৰিবলৈ লিখিত বিৱৰণ, প্ৰতিবেদন আৰু তথ্যচিত্ৰ প্ৰস্তুত।
  • ই-প্ৰশাসন আবেদনৰ জৰিয়তে চৰকাৰী কৰ্মী আৰু নাগৰিকসকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস।
  • ই-প্ৰশাসনৰ faculty support/content development ৰ বাবে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান/সংগঠনসমূহৰ সহযোগত কাৰ্য্য সম্পাদন।
  • ই-প্ৰশাসন ক্ষেত্ৰখনত PPP Mode গ্ৰহণ কৰি কেন্দ্ৰসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।

গৱেষণা

  • ই-প্ৰশাসন পৰিকল্পনা সংসাধনৰ ক্ষেত্ৰত চৰকাৰী কাৰ্য্যসমূহৰ প্ৰশিক্ষণৰ মূল্যায়ন।
  • ই-প্ৰশাসন পৰিকল্পনাসমূহৰ প্ৰভাৱ মূল্যায়ন।
  • ই-প্ৰশাসনৰ ওপৰত সামৰ্থ্য গঢ়নৰ প্ৰভাৱ মূল্যায়ন।
  • ই-প্ৰশাসন পৰিকল্পনা বিভাগসমূহৰ e-readiness ৰ ওপৰত অধ্যয়ন।
  • ই-প্ৰশাসনৰ কেচ অধ্যয়নৰ উন্নয়ন সাধন।

সহযোগিতা

কেন্দ্ৰই বিভিন্ন চৰকাৰী, অৰ্ধ চৰকাৰী, বেচৰকাৰী সংগঠনৰ সহযোগত ভিন্ন পৰ্যায়ত ই প্ৰশাসনৰ ওপৰত কাৰ্য্য সম্পাদন কৰে।

  • ৰাজ্যিক পৰ্যায়: তথ্য প্ৰযুক্তি বিভাগ, অসম চৰকাৰ, এমট্ৰন, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটী, আই আই আই টি, গুৱাহাটী, চফটৱেৰ টেকন’লজী পাৰ্ক, গুৱাহাটী বিশ্ববিদ্যালয়, ভাৰত সঞ্চাৰ নিগম লিমিটেড, এ এছ টি ই চি।
  • ৰাষ্ট্ৰীয় পৰ্যায়: তথ্য প্ৰযুক্তি আৰু বৈদ্যুতিন মন্ত্ৰালয়, ভাৰত চৰকাৰ, প্ৰশাসনীয় সংশোধন আৰু পেঞ্চন আৰু অভিযোগ বিভাগ ভাৰত চৰকাৰ, এন আই চি, চি এম চি, চি জি জি, চি আই পি এছ, চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ডি এ চি)।
  • বেচৰকাৰী: টি চি এছ, উইপ্ৰো।

বিস্তৃত সামৰ্থ্য গঢ়নৰ ক্ষেত্ৰসমূহ

  • জ্যেষ্ঠ, মধ্যম আৰু কনিষ্ঠ শাখাৰ বিষয়াসকলৰ বাবে ই-প্ৰশাসন বিষয়ক প্ৰশিক্ষণ প্ৰদান।
  • বিজনেছ প্ৰচেছ ৰি-ইঞ্জিনিয়াৰিং।
  • ইণ্টাৰনেট অৱ থিংগছ (আই অ টি)।
  • বিশ্লেষণ।
  • বিগ ডেটা।
  • চাইবাৰ সুৰক্ষা।
  • কম কাগজ ব্যৱহাৰকাৰী কাৰ্য্যালয়।
  • নেটৱৰ্ক এডমিনিষ্ট্ৰেশ্যন।
  • ই-জিলা।
  • কাৰ্য্যালয় উৎপাদক সঁজুলি।
  • জি আই এছ।
  • চি এ ডি।
  • সেৱা প্ৰদান।