মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

পলিঅ’ নিৰ্মূলকৰণত এএএছচি-ইউনিচেফৰ সহযোগিতা

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে ইউনিচেফৰ সহযোগত পালচ্ পলিঅ’ প্ৰতিৰোধৰ অৰ্থে এটি ৰাজ্যিক ভিত্তিক কাৰ্য্যসূচীৰ শোভাৰম্ভ কৰিছে। যিমান দূৰ সম্ভৱ হ্ৰস্বকালীন সময়ছোৱাৰ ভিতৰত অসমক পলিঅ’ মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সামাজিক সচেতনতাত গতিধাৰা প্ৰদান কৰাই এই কাৰ্য্যসূচীৰ প্ৰধান উদ্দেশ্য। কলিকতাস্থিত ইউনিচেফৰ কাৰ্য্যালয়ৰ শ্ৰীযুত জুড হেনৰিক আৰু শ্ৰীমতী সীমাই অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক শ্ৰীযুত বি আৰ সমলৰ সৈতে এই কাৰ্য্যসূচীৰ মুখ্য কাৰ্য্যসম্পাদন প্ৰণালীসমূহৰ বিষয় চিনাক্তকৰণৰ বাবে বিতং আলোচনাত মিলিত হয়।

এই আলোচনাৰ অন্তত সন্মতি প্ৰদান কৰা হোৱা কাৰ্য্যসমূহ হৈছে – এই কাৰ্য্যত সহায়ক হিচাপে চিনাক্তকৰণ কৰা হোৱাৰ অংশ স্বৰূপে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত পলিঅ’ নিৰ্মূলকৰণৰ অৰ্থে সামাজিক সচেতনতা সৃষ্টি কৰিবৰ অৰ্থে এখন ৰাজ্যিক ভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হয়। ইয়াত কাৰ্য্য সম্পাদনকাৰী হিচাপে অংশগ্ৰহণ কৰা জিলা অনুষ্ঠানসমূহ হৈছে নেহেৰু যুৱ কেন্দ্ৰ সমন্বয়ৰক্ষী, আইচিডিএছ প্ৰজেক্ট বিষয়াবৰ্গ, অতিৰিক্ত চিএম আৰু এইছঅ’ সাক্ষৰতা অভিযানৰ সচিববৰ্গ আৰু বিখ্যাত বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিবৰ্গ।