মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ

ভাৰত চৰকাৰৰ পাৰচনেল এণ্ড ট্ৰেনিং বিভাগৰ লক্ষ্য হৈছে এটি প্ৰশিক্ষকৰ দলৰ উত্তৰণ ঘটোৱা যিয়ে মানৱ সম্পদৰ উন্নয়নৰ বাবে সংকল্পবদ্ধ বিভাগ, মন্ত্ৰালয় আৰু সংগঠনৰ সহযোগত প্ৰশিক্ষণ কাৰ্য্যৰ বিকাশ সাধন কৰিব পাৰে। প্ৰযুক্তি বিষয়ত প্ৰশিক্ষণ প্ৰদানত ইয়াত অধিক গুৰুত্ব প্ৰদান কৰা হয়। যাতে ইয়াৰ জৰিয়তে তেওঁলোকে বিষয় সম্বন্ধীয় প্ৰশিক্ষণসমূহ প্ৰণালীবদ্ধ ৰূপত প্ৰদান কৰিব পাৰে। এই দৰ্শন গ্ৰহণেৰেই ৰাষ্ট্ৰীয় প্ৰশিক্ষণ নীতি (ন্যাশ্বন্যাল ট্ৰেনিং পলিচি) গঠিত হৈছে।

প্ৰশিক্ষকসকলক প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ নীতি মানি চলে।