মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সামৰ্থ্য গঢ়নৰ মাধ্যমেৰে সুশাসন প্ৰৱৰ্তন

জিলা প্ৰশাসনৰ বহু গুৰুত্বপূৰ্ণ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ কৰ্ম সম্পাদনৰ বাবে প্ৰয়োজন হোৱা দৰকাৰী প্ৰশিক্ষণ গ্ৰহণ নকৰে যিয়ে লোক সেৱা প্ৰদান আৰু পৰিকল্পনা সংসাধনৰ দিশত কুপ্ৰভাৱ পেলায়। তেওঁলোকৰ কাৰ্য্য সম্পাদনৰ যোগ্যতা বৃদ্ধি কৰি সেৱা প্ৰদানৰ গতিধাৰা উন্নত কৰিবলৈ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে ‘চেন্সিটাইজেশ্যন অভ কাটিং এজ ফাঙ্কশ্বন্যাৰিজ ফৰ গুড গভাৰ্ণেন্স এণ্ড অফিচ মেনেজমেণ্ট’ শীৰ্ষক এটি আঁচনি সংসাধন কৰিছে। ইয়াত ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডকে আদি কৰি ছখন উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যৰ সক্ৰিয় অংশগ্ৰহেণেৰে এই অনুষ্ঠানটি স্পনচৰ কৰিছে।অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ দ্বাৰা সম্পাদিত বহু সহযোগিতাপূৰ্ণ আঁচনিৰ এয়া এক উদাহৰণ।

পৰিকল্পনাৰ লক্ষ্যসমূহ

সুশাসন আৰু অধিক ভাল সেৱা প্ৰদানৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ নীতিৰ সকলোৰে বাবে প্ৰশিক্ষণ নীতিৰ নিয়ম অনুসৰি জিলা প্ৰশাসন বিভাগত কৰ্মৰত বিষয়াসকলৰ কৰ্তব্যৰ সৈতে খাপ খোৱাকৈ প্ৰয়োজনীয় কৌশল আৰু জ্ঞানৰ বিতৰণেই এই পৰিকল্পনাৰ লক্ষ্য।

ফলাফলসমূহ

  • কৌশলী আৰু সুদক্ষ চৰকাৰী কৰ্মচাৰীৰ সৃষ্টি।
  • বৰ্ধিত জ্ঞানেৰে সংগঠন আৰু কাৰ্য্য সম্পাদনৰ ক্ষেত্ৰত নিজ ভাৱ সৃষ্টি।
  • নাগৰিকসকলৰ প্ৰয়োজনীয়তা অনুভৱ কৰা।
  • কৰ্মচাৰীসকলৰ মাজত আইচিটি সম্ভাৱনাপূৰ্ণ কম্পিউটাৰৰ জ্ঞান।
  • সেৱা প্ৰদানৰ উন্নিতকৰণ।
  • আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ উন্নতমানৰ পৰিচালনা।
  • কৰ্মচাৰীসকলৰ মাজত প্ৰশাসনীয় যোগ্যতাৰ সবলীকৰণ।
  • জিলা প্ৰশাসনত নিয়মিত প্ৰশিক্ষণৰ সংস্কৃতিৰ সৃষ্টি।

আঁচনিৰ উপাদানসমূহ

  • জিলাসমূহৰ মানৱ সম্পদৰ জৰীপকৰণ, বিশ্লেষণ আৰু প্ৰক্ৰিয়াকৰণ।
  • জিলা, বৰ্গ আৰু কৰ্ম ভিত্তিত দল গঠন।
  • প্ৰশিক্ষণত প্ৰয়োজনীয় বিশ্লেষণ।
  • আৰ্হি উন্নয়ন আৰু প্ৰশিক্ষণ সূচী।
  • প্ৰশিক্ষক বাছনি আৰু প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ।
  • স্থান আৰু পাঠদান আৰু পাঠগ্ৰহণ সঁজুলি।
  • ছখন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত বিকেন্দ্ৰীকৃত প্ৰশিক্ষণ ব্যৱস্থা।
  • সময়সীমা।
  • খৰচৰ হিচাপ।
  • নিধিৰ প্ৰয়োগ আৰু হিচাপ।
  • নিৰীক্ষণ।
  • সংশয় আৰু সংশয় ব্যৱস্থাপনা।
  • বহনক্ষম অৱস্থা।
  • মূল্যায়ন।

সংসাধন

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নিৰ্বাচিত জিলাসমূহৰ জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ মানৱ শক্তিৰ মূল্যায়নেৰে এই আঁচনিৰ সংসাধন কাৰ্য্যৰ আৰম্ভণি ঘটে। সম্পদৰ উপলব্ধতা আৰু পৰিকল্পনাৰ বিষয়টো বিবেচনা কৰি বহুকেইখন জিলাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু ইয়াৰ বাবে এটি প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আৰ্হি গঠন কৰা হয়। এই একেই আৰ্হিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যিক প্ৰশাসনীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু জিলা আঁচনিৰ প্ৰতিনিধিসকলে অনুমোদন জনায়।

চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে প্ৰদান কৰা প্ৰশিক্ষণ ব্যৱস্থা ফলপ্ৰসূ কৰিবলৈ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, কাৰ্য্যালয় অধীক্ষক আৰু জ্যেষ্ঠ বিষয়াসকলৰে সৈতে মত বিনিময়ৰ জৰিয়তে ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। প্ৰশিক্ষণ প্ৰদানৰ বাবে গ্ৰহণ কৰা কাৰ্য্যপন্থা জিলা পৰ্যায়ত বিকেন্দ্ৰীভূত প্ৰশিক্ষণ ব্যৱস্থাৰ ৰূপত আৰু জিলা প্ৰশিক্ষণ কেন্দ্ৰসমূহ প্ৰতিষ্ঠানভুক্ত কৰা হয়। এই কাৰ্য্যপন্থাৰ অধীনত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে পাঁচ দিনৰ বাবে ১৪৩ গৰাকী প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰে আৰু পৰৱৰ্তী সময়ছোৱাত আঁচনিৰ অধীনৰ জিলাসমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ প্ৰদান কাৰ্য্যসূচী অনুষ্ঠিত কৰে। ৰাজ্যিক নিয়ম অনুসৰি প্ৰশিক্ষণৰ প্ৰকাৰ অনুকূল কৰা বা সালসলনি কৰাৰ বাবে আৰু প্ৰশিক্ষণ গ্ৰহণ কৰা বিদ্যাৰ্থীসকলৰ বাবে অধ্যয়নৰ কিতাপসমূহ স্থানীয় ভাষাত ভাষান্তৰকৰণৰ বাবে ৰাজ্যিক কেন্দ্ৰসমূহ দায়িত্বশীল।

এই আন্তঃগাঁথনিত প্ৰতি জিলা প্ৰশিক্ষণ কেন্দ্ৰত ১.৫ লাখকৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই আটাইবোৰ আঁচনি সংসাধিত জিলাত তিনিটাকৈ কেন্দ্ৰই কাৰ্য্য সম্পাদন কৰাৰ আশা কৰা হৈছে। এই চতুৰ্থ বৰ্গৰ প্ৰশিক্ষণ পাঁচখন ৰাজ্যত আৰম্ভ কৰা হৈছে – অসমত এই প্ৰশিক্ষণ কাৰ্য্যসূচী আৰম্ভ হয় ১৪ নৱেম্বৰ ২০০৬ ৰ পৰা, অৰুণাচল প্ৰদেশত আৰম্ভ হয় ৪ ডিচেম্বৰ ২০০৬ ৰ পৰা, মণিপুৰত আৰম্ভ হয় ২৯ নৱেম্বৰ ২০০৬ ৰ পৰা, মেঘালয়ত আৰম্ভ হয় ৪ ডিচেম্বৰ ২০০৬ ৰ পৰা আৰু মিজোৰামত আৰম্ভ হয় ৪ ডিচেম্বৰ ২০০৬ ৰ পৰা। নাগালেণ্ডে ১৮ ডিচেম্বৰ ২০০৬ ৰ পৰা আৰম্ভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে। চতুৰ্থ বৰ্গৰ প্ৰশিক্ষণৰ সময়সীমা তিনি দিন।               

৮ ডিচেম্বৰ ২০০৬ লৈ ৭৪৬ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু ইয়াৰ বাবে অনুষ্ঠানে আশাব্যঞ্জক সঁহাৰি লাভ কৰে। ২০০৭ চনৰ মাৰ্চ মাহলৈ আটাইবোৰ আঁচনি সংসাধিত জিলাই ৭৮১০ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কাৰ্য্য সম্পন্ন কৰাৰ বাবে আশা প্ৰকাশ কৰা হয়।