মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

সুবিধা আৰু আন্তঃগাঁথনি

পুথিভঁৰাল

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে ১৯৬১ চনত প্ৰায় ৫০০ পুথি সংগ্ৰহেৰে ইয়াৰ পুথিভঁৰালৰ সুন্দৰ আৰম্ভণি ঘটায়। প্ৰায় ৫৩,০০০ পুথি সংগ্ৰহেৰে এই পুথিভঁৰালটোৱেই সম্প্ৰতি উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম জ্ঞানৰ ভাণ্ডাৰ হিচাপে পৰিচিত।

ইয়াত সংগৃহীত পুথিসমূহে সাহিত্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পৰিৱেশ আৰু বহনক্ষম উন্নয়ন, আইন, ব্যৱস্থাপনা আৰু নেতৃত্ব বিকাশ, তথ্য প্ৰযুক্তি, সমাজ বিজ্ঞান, মানৱ অধিকাৰ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আইন আৰু নীতি-নিয়ম সামৰি লোক প্ৰশাসন, জনপ্ৰিয় কাল্পনিক কাহিনী আৰু সবাতোকৈ ভাল বিক্ৰী হোৱা কিতাপ আদি বিষয়বস্তু সামৰি লয়।


এই পুথিভঁৰালৰ এক চহকী প্ৰসংগ বিভাগ আছে য’ত বিভিন্ন ধৰণৰ বিশ্বকোষ, হাতপুথি, প্ৰতিবেদন আৰু লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে অধ্যয়নৰ এক বিশেষ বিভাগ আছে।

এই পুথিভঁৰালে আনকি সাধাৰণ জ্ঞানৰ পুথি আৰু অসামৰিক সেৱাৰ বাবে আবেদন কৰিবলৈ বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰি-এগজামিনেশ্যন ট্ৰেনিং চেণ্টাৰ (পিইটিচি) ৰ অধীনৰ পূৰ্ব পৰীক্ষা প্ৰশিক্ষণ পাঠ্যক্ৰমৰ পুথিসমূহো ইয়াৰ সংগ্ৰহৰ ভিতৰত সামৰি লয়। এই পুথিভঁৰালত বহুটো কাকত আলোচনীৰ সংগ্ৰহৰ ব্যৱস্থা আছে লগতে ইয়াৰ সংগ্ৰহত ই-আলোচনীৰো ব্যৱস্থা আছে যি কম্পিউটাৰ ব্যৱহাৰৰ জৰিয়তে পুথিভঁৰালতেই লাভ কৰিব পাৰি।