কাৰ্ড ৰূম, বেডমিণ্টন, টেবুল টেনিছ, ল’ন টেনিছ, জিমনাছিয়াম কক্ষকে আদি কৰি এই স্পৰ্টছ কমপ্লেক্সত বহুটো সুবিধা আছে। বৰ্তমানে ইয়াত এটা যোগ কক্ষ, স্কোৱাছ কোৰ্ট, বিলিয়াৰ্ড কক্ষৰ নিৰ্মাণৰ কাম চলি আছে। জিমনাছিয়াম কক্ষত তলত দিয়া আধুনিক সা-সৰঞ্জাম সমূহ উপলব্ধ।
| ক্ৰমিক নং | সঁজুলিৰ নাম | সংখ্যা |
|---|---|---|
| ১ | জনছন ট্ৰেড মিল | এটা |
| ২ | জনছন চাইকেল | এটা |
| ৩ | জনছন এলিপটিক্যাল ট্ৰেনাৰ | এটা |
| ৪ | জনছন এয়াৰ ৰোৱাৰ | এটা |
| ৫ | বডি চয়েল মাল্টি জিম | এটা |