মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

মন্ত্ৰী

  

শ্ৰী সৰ্বানন্দ সোণোৱাল
মুখ্যমন্ত্ৰী, অসম
চি এম ব্লক, অসম সচিবালয়
দিশপুৰ, অসম
গুৱাহাটী- ৭৮১ ০০৬
দূৰভাষ: ০৩৬১-২২৬২২২২, ০৩৬১-২২৩৭৯৪৩
ই-মেইল: cm@assam.gov.in

 

শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰি লাভ কৰে আৰু তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইন পাঠ্যক্ৰম এল এল বি সম্পূৰ্ণ কৰে। ১৯৯২ ৰ পৰা ১৯৯৯ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে তেওঁ ৰাজনৈতিক জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ অসম গণ পৰিষদত যোগদান কৰে আৰু মৰাণ সমষ্টিৰ পৰা ২০০১ চনত বিধানসভাৰ সদস্য নিৰ্বাচিত হয়।

২০০৪ চনত শ্ৰী সোণোৱালে ডিব্ৰুগড় সমষ্টিৰ প্ৰতিনিধি হিচাপে লোকসভাৰ সদস্য নিৰ্বাচিত হয়। ২০০৯ চনলৈকে তেওঁ এই পদত কাৰ্য্যনিৰ্বাহ কৰি থাকে। ২০১১ চনত শ্ৰী সোণোৱালে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত শ্ৰী সোণোৱালে লখিমপুৰ সমষ্টিৰ পৰা বিজয়ী হয় আৰু ১৬ সংখ্যক লোকসভাত সংসদৰ সদস্য হিচাপে যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ অধীনৰ কেন্দ্ৰীয় চৰকাৰে তেওঁক ক্ৰীড়া আৰু যুৱকল্যাণৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰে। ২০১৬ চনৰ ১৯ মে’ তাৰিখে শ্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী সমষ্টিৰ পৰা অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰে আৰু অসমৰ ১৪ তম মুখ্যমন্ত্ৰী ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।