মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

প্ৰাক পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰ

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰাক পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰ ‘ইউপিএছচি’ য়ে আয়োজন কৰা কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ প্ৰাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্যৰে ১৯৮৫ চনত স্থাপিত হয়।

কেন্দ্ৰৰ দৰ্শন

  • কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ পৰিকল্পনা আৰু পাঠ্যক্ৰম সন্দৰ্ভত প্ৰশিক্ষণ গ্ৰহণকাৰীসকলৰ সজাগতা বৃদ্ধি কৰা।
  • বিভিন্ন পৰীক্ষাৰ মুখামুখি হ’বলৈ প্ৰশিক্ষণ গ্ৰহণকাৰীসকলৰ দক্ষতা বৃদ্ধি কৰা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিৰ অংশস্বৰূপে লিখাৰ অনুশীলন কৰোৱা।
  • প্ৰশিক্ষণ গ্ৰহণকাৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰা আৰু অনুপ্ৰেৰণা যোগোৱা।
  • সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰা আৰু প্ৰশিক্ষণ প্ৰদান কৰা।

কেন্দ্ৰৰ লক্ষ্য

  • এক পেশাদাৰী দল লাভ কৰা যি দলে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলক পথ প্ৰদৰ্শন আৰু সহায়তা কৰিব পাৰে।
  • প্ৰশিক্ষণ গ্ৰহণকাৰীসকলে এক দীঘলীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী লাভ কৰা।
  • কিতাপৰ এক সু-সংগৃহীত পুথিভঁৰাল উপলব্ধ কৰোৱা য’ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধ্যয়ন সামগ্ৰী, কিতাপ, বাতৰিকাকত আৰু অন্যান্য সহায়ক বস্তুসমূহ মজুত থাকে।

কেন্দ্ৰৰ কাৰ্য্যনীতি

  • প্ৰশিক্ষণ কাৰ্য্যসূচীত নামভৰ্তিৰ বাবে বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থী লাভৰ বাবে বিস্তৃত প্ৰচাৰ ব্যৱস্থা।
  • অসমৰ আবেদনকাৰীসকলৰ লাভালাভৰ অৰ্থে ৰাজ্যত উপলব্ধ থকা পেশাদাৰী বিশেষজ্ঞসকলৰ পৰামৰ্শ গ্ৰহণ।
  • দেশৰ সুপৰিচিত প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰে সৈতে জড়িত আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ শেহতীয়া আৰ্হিৰ সৈতে পৰিচিত অতিথি প্ৰবক্তা আমন্ত্ৰণ কৰি অনা।
  • শ্ৰেণীৰ ইণ্টাৰেক্টিভ ছেশ্যনৰ বাবে অসম/মেঘালয় কেডাৰৰ নতুনকৈ নিযুক্ত বিষয়া আমন্ত্ৰণ কৰি অনা যিয়ে কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰিব পাৰে।
  • অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ পুথিভঁৰাল সম্পদ উপলব্ধ কৰি তোলা আৰু প্ৰয়োজন অনুসৰি প্ৰাসংগিক পুথি, আলোচনী, বাতৰিকাকত আৰু অন্যান্য অধ্যয়ন সামগ্ৰীৰে পৰিপূৰ্ণ কৰি তোলা।

যোগাযোগ সবিশেষ

শ্ৰীমতী বিজয়লক্ষ্মী বৰুৱা, এচিএছ
যুটীয়া সঞ্চালক, প্ৰশিক্ষণ
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়
জৱাহৰ নগৰ, খানাপাৰা, গুৱাহাটী- ৭৮১ ০২২
দূৰভাষ: 9864058501
ই-মেইল: vbarua2011@gmail.com