মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

সচিবালয় প্ৰশিক্ষণ বিদ্যালয়

সচিবালয় প্ৰশিক্ষণ বিদ্যালয় অসম চৰকাৰৰ দ্বাৰা সচিবালয়ৰ পৰিচালনা সংক্ৰান্ত সকলো বৰ্গৰ কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে পৰিচালিত শিক্ষানুষ্ঠান। প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্য আগত লৈয়েই এই শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে আৰু এই প্ৰতিষ্ঠানে ‘সচিবালয় প্ৰশিক্ষণ বিদ্যালয়’ ৰ নিয়ম মানি চলে যিসমূহ নিয়ম ২৩ অক্টোবৰ ১৯৫৪ চনৰ শণিবাৰে অনুষ্ঠিত হোৱা সচিবালয় সমিতিৰ সভাত গ্ৰহণ কৰা হয়।

প্ৰশিক্ষণ গ্ৰহণ কৰোতাসকলক দুটা দলত বিভক্ত কৰা হয় – কনিষ্ঠ দল ‘গ্ৰুপ এ’ আৰু জ্যেষ্ঠ দল ‘গ্ৰুপ বি’। ইয়াৰ আৰম্ভণিৰে পৰা প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ বিভাগৰ অধীনত সচিবালয় প্ৰশিক্ষণ বিদ্যালয়ে কনিষ্ঠ প্ৰশাসনীয় সহায়কৰ বাবে ‘গ্ৰুপ এ’ ক আৰু জ্যেষ্ঠ প্ৰশাসনীয় সহায়কৰ বাবে ‘গ্ৰুপ বি’ ক সময়ে সময়ে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। প্ৰশিক্ষণ গ্ৰহণ কৰা বিদ্যাৰ্থীসকলক সচিবালয়ৰ গঠন, নিয়ম, চৰকাৰী প্ৰশাসনৰ প্ৰক্ৰিয়া আৰু কাৰ্য্যপ্ৰণালী, সভাৰ বিষয়বস্তু আৰু অন্যান্য চৰকাৰী কাৰ্য্য আদিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰে প্ৰশিক্ষণ আৰ্হিত প্ৰদান কৰা গঠন অনুসৰি প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক জিলা প্ৰশাসন, স্ব উন্নয়ন কাৰ্য্যক্ৰমৰ বাবে সামাজিক খণ্ডত নিয়োজিত গুৰুত্বপূৰ্ণ বেচৰকাৰী সংগঠন আদিৰ ভূমিকা আৰু কাৰ্য্যসমূহৰ সৈতে পৰিচিতিকৰণৰ উদ্দেশ্যে ক্ষেত্ৰ দৰ্শনৰ সুবিধা প্ৰদান কৰে।

অসম সচিবালয় অধীন সেৱা ১৯৬৩ ৰ নিয়ম ২৪ ৰ অধীনত ‘গ্ৰুপ এ’ ৰ বাবে আয়োজন কৰা প্ৰশিক্ষণ কাৰ্য্যসূচী ১৮ দিনত সম্পূৰ্ণ কৰা হয় ইয়াৰে তিনিটা দিন মূল্যায়ন পৰীক্ষাৰ বাবে ঠিক কৰা হয় আৰু ‘গ্ৰুপ বি’ ৰ বাবে আয়োজন কৰা প্ৰশিক্ষণ কাৰ্য্যসূচী ১৯ দিনত সম্পূৰ্ণ কৰা হয় ইয়াৰে চাৰিটা দিন মূল্যায়ন পৰীক্ষাৰ বাবে ঠিক কৰা হয়।

পহিলা আগষ্ট ২০০৩ ত সচিব সমিতিৰ সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সচিবালয় প্ৰশিক্ষণ বিদ্যালয়ে বৰ্তমানে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী ২২ ৰ চৌহদৰ পৰা কাৰ্য্যসম্পাদন কৰি আছে।

সচিবালয় প্ৰশিক্ষণ বিদ্যালয়ত বৰ্তমানে কৰ্মৰত বিষয়া কৰ্মচাৰীসকলৰ তালিকা তলত দিয়া ধৰণৰ:

ক্ৰমিক নংনামপদদূৰভাষই-মেইল
শ্ৰীমতী পি পি বৰুৱাডেপুটি সচিব৯৮৬৪১৫৫০৭৫ 
শ্ৰীমতী আৰ দত্তঅধীন সচিব৯৪৩৫৪০৩২৬৮ 
শ্ৰীমতী কে শইকীয়া পাটোৱাৰীজ্যেষ্ঠ প্ৰশাসনীয় সহায়ক৯৭০৭৭৮৬১৭৫ 
শ্ৰী এছ আৰ দৈমাৰীজ্যেষ্ঠ প্ৰশাসনীয় সহায়ক৯৮৫৪৩১৩৩১০ 
শ্ৰী এ শুক্লবৈদ্যজ্যেষ্ঠ কম্পিউটাৰ অপাৰেটৰ৯৭০৭৮০৭৩৬৬suklabaidyaarup@yahoo.in
শ্ৰী এইছ কে ভুঞ্জা খোবাংপিয়ন৮০১১১৪৯৩১১ 
শ্ৰী ধ্ৰুৱ কলিতাপিয়ন৯৭০৬৯০২৩০৪