মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

ৰাজ্যিক প্ৰশিক্ষণ নীতি

অসম চৰকাৰৰ লক্ষ্য হৈছে প্ৰশাসন ব্যৱস্থাক জনতাৰ পদুলিমুখলৈ লৈ যোৱা। এই উদ্দেশ্যে অসামৰিক সেৱাত জ্ঞান, কৌশল আৰু প্ৰেৰণাৰ সুসংগমৰ ওপৰত সবাটোকৈ অধিক গুৰুত্ব আৰোপ কৰা হৈছে। অৱশ্যে এতিয়াও এয়া সত্য যে বহু অগ্ৰণী পৰিদৰ্শন পৰ্যায়ৰ বিষয়াই তেওঁলোকৰ চাকৰি জীৱনত প্ৰয়োজন হোৱা প্ৰশিক্ষণ প্ৰদান কৰা নহয়। মধ্যম বৰ্গৰ পৰিচালনাৰ বাবে প্ৰদান কৰা প্ৰশিক্ষণ কাৰ্য্যসূচী এটি শৃংখলাবদ্ধ ৰূপত সংগঠিত কৰা নহয়। বৰ্তমানেও এই প্ৰশিক্ষণ কাৰ্য্যক্ৰম দাবীৰ ওপৰত প্ৰতিষ্ঠিত হোৱাতকৈ প্ৰদান কৰাৰ কাৰণেহে গ্ৰহণযোগ্য যেন অনুমেয়। বৰ্তমানৰ প্ৰশিক্ষণ আন্তঃগাঁথনি আৰু প্ৰশিক্ষণ প্ৰদান সামৰ্থ্য সময়ৰ সৈতে খাপ খাব পৰাকৈ উপযুক্ত। অসম চৰকাৰৰ মানৱ শক্তিৰ উৎপাদনক্ষমতাৰ সঠিক প্ৰয়োগৰ অৰ্থে প্ৰয়োজনীয় উন্নত জ্ঞান, কৌশল। পৰিৱৰ্তন ব্যৱস্থাপনা, উন্নত প্ৰদৰ্শন আৰু সুশাসন প্ৰৱৰ্তন কৰিবলৈ প্ৰশিক্ষণ এক ফলপ্ৰসূ সঁজুলি হিচাপে ব্যৱহৃত হয়। অসামৰিক সেৱাৰ বাবে বহনক্ষম আৰু শৃংখলাবদ্ধ প্ৰশিক্ষণ ব্যৱস্থাই চৰকাৰক এক নিৰ্ভৰযোগ্য আৰু সুদক্ষ অসামৰিক সেৱা প্ৰদান ব্যৱস্থাৰ দিশে অগ্ৰসৰ কৰিব। ‘সকলোৰে বাবে প্ৰশিক্ষণ’ নীতিয়ে সকলো বৰ্গৰ অসামৰিক সেৱকসকলৰ প্ৰশিক্ষণ গ্ৰহণৰ পথ মুকলি কৰিব।

Downloads
TitleSizeDetail
ৰাজ্যিক প্ৰশিক্ষণ নীতি372.08 KBswf-image