মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

পুথিভঁৰালৰ সদস্য হোৱা

চিহ্নাংকসূচী:

  • অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ পুথিভঁৰালৰ সংগ্ৰহত ৫০০০ ৰ অধিক গ্ৰন্থ আছে।
  • এই সংগৃহীত পুথিৰ বিষয়বস্তুৱে সাহিত্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পৰিৱেশ আৰু বহনক্ষম উন্নয়ন, আইন, পৰিচালনা আৰু নেতৃত্ব বিকাশ, তথ্য প্ৰযুক্তি, সমাজ বিজ্ঞান, মানৱ অধিকাৰ, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ আইন আৰু নীতি-নিয়ম, জনপ্ৰিয় সাধুকথা ইত্যাদি বিস্তৃত ক্ষেত্ৰ সামৰি লয়।
  • শ্ৰৱণ দৰ্শন সুবিধাৰে ই এক সম্পদ কেন্দ্ৰ হিচাপে সেৱা আগবঢ়ায়।

অৱলোকন

১৯৬১ চনত ৫০০ পুথিৰ সংগ্ৰহেৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ পুথিভঁৰালে ইয়াৰ শুভ আৰম্ভণি ঘটায়। সম্প্ৰতি প্ৰায় ৫৩০০০ পুথিৰ সংগ্ৰহেৰে এই পুথিভঁৰাল উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম জ্ঞানৰ কেন্দ্ৰ হিচাপে পৰিগণিত। এই সংগৃহীত পুথিৰ বিষয়বস্তুৱে সাহিত্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পৰিৱেশ আৰু বহনক্ষম উন্নয়ন, আইন, পৰিচালনা আৰু নেতৃত্ব বিকাশ, তথ্য প্ৰযুক্তি, সমাজ বিজ্ঞান, মানৱ অধিকাৰ, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ আইন আৰু নীতি-নিয়ম, জনপ্ৰিয় সাধুকথা ইত্যাদি বিস্তৃত ক্ষেত্ৰ সামৰি লয়। এই পুথিভঁৰালৰে এক চহকী প্ৰসংগ বিভাগ আছে য’ত ভিন্ন প্ৰকাৰৰ বিশ্বকোষ, হাতপুথি, প্ৰতিবেদন আৰু উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কীয় বিশেষ অধ্যয়নৰ পুথি পোৱা যায়।

যোগ্যতাৰ মাপকাঠি:

  • গুৱাহাটীত কৰ্মৰত ৰাজ্য চৰকাৰৰ সমূহ বিষয়াই তেওঁলোকৰ নিজা নিজা বিভাগসমূহৰ মুৰব্বীসকলৰ স্বীকৃতি অনুসৰি ৫০০ টকা সুৰক্ষা জমা হিচাপে ৰাখে। তেওঁলোকক দুখন পুথিভঁৰাল কাৰ্ড প্ৰদান কৰা হয় যাৰ সহায়ত দুখন কিতাপ তেওঁলোকে অধ্যয়নৰ বাবে ধাৰলৈ ল’ব পাৰে।
  • অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰী ইয়াৰ বাবে যোগ্যতাসম্পন্ন।
  • অতিথি শিক্ষক সদস্যসকল যোগ্যতাসম্পন্ন।
  • বিভিন্ন প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণকাৰীসকল যোগ্যতাসম্পন্ন।
  • প্ৰাক্ পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে নিৰ্বাচিত আবেদনকাৰীসকল যোগ্যতাসম্পন্ন।

মাচুল:

সুৰক্ষা জমা (চিকিউৰিটি ডিপজিট) হিচাপে ৫০০ টকা জমা দিব লাগে। প্ৰাক পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে ২০০০ টকাৰ পৰিশোধযোগ্য পুথিভঁৰাল জমা মাচুল প্ৰদান কৰিব লাগে।

কেনেকৈ আবেদন কৰিব:

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ পুথিভঁৰালৰ আবেদনপত্ৰ পূৰ কৰি নিৰ্দিষ্ট বিষয়াৰ ওচৰত দাখিল কৰিব লাগে।

সেৱাৰ প্ৰকাৰ:

প্ৰ-পত্ৰ ডাউনলোড কৰি সেয়া পূৰ কৰি কেন্দ্ৰত দাখিল কৰিব লাগে। সম্প্ৰতি এই সেৱাৰ প্ৰকাৰ অনলাইন নহয়।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ:

পুথিভঁৰাল আবেদন প্ৰ-পত্ৰ।

কাক যোগাযোগ কৰিব:

শ্ৰীমতী বিজয়লক্ষ্মী বৰুৱা, এচিএছ
যুটীয়া সঞ্চালক, প্ৰশিক্ষণ
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়
জৱাহৰ নগৰ, খানাপাৰা
গুৱাহাটী- ৭৮১০০১
দূৰভাষ: ৯৮৬৪০৫৮৫০১
ই-মেইল: vbarua2011@gmail.com