মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

পূৰ্ব পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰত পঞ্জীয়ন

চিহ্নাংকসূচী:

  • ‘পিইটিচি’ ৰ লক্ষ্য হৈছে সৰ্বভাৰতীয় পৰ্যায়ত অসামৰিক সেৱাৰ পৰীক্ষাসমূহত ছাত্ৰ-ছাত্ৰীয় প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ তেওঁলোকক প্ৰস্তুত কৰি তোলা আৰু প্ৰশিক্ষণ প্ৰদান কৰা।
  • প্ৰশিক্ষণ কাৰ্য্যসূচীত ভৰ্তি হ’বৰ বাবে আবেদনকাৰীয়ে বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।
  • এই প্ৰশিক্ষণ কাৰ্য্যসূচী প্ৰতিবছৰে ছেপ্টেম্বৰ/অক্টোবৰ মাহৰ পৰা আৰম্ভ হৈ এপ্ৰিল মাহৰ শেষ সপ্তাহলৈ অনুষ্ঠিত হয়।
  • সমগ্ৰ দেশৰ ভিন ভিন ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে বিশেষজ্ঞ ব্যক্তি আৰু অতিথি প্ৰবক্তা নিয়োগ কৰা হয়।
  • প্ৰশিক্ষণ কাৰ্য্যসূচী অ আৱাসিক।
  • বাতানুকুল শ্ৰেণীকোঠা আৰু শ্ৰৱণ দৰ্শন সুবিধাৰে উপলব্ধ সুন্দৰ শৈক্ষিক পৰিৱেশ।
  • প্ৰাথমিক জ্ঞান উপলব্ধ কৰাবলৈ প্ৰাৰ্থীসকললৈ একোখন পুথি প্ৰদান।

অৱলোকন

‘ইউপিএছচি’ ৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় অসামৰিক সেৱাৰ বাবে অসমৰ প্ৰাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্যৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ পূৰ্ব পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰ ১৯৮৫ চনত স্থাপিত হয়।

প্ৰক্ৰিয়া গতি:

  • বাছনি পৰীক্ষাৰ বিজ্ঞাপন আগশাৰীৰ সংবাদপত্ৰ আৰু অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ কাৰ্য্যালয়ৰ কাৰ্য্যালয়ৰ ওৱেবচাইটত প্ৰকাশ কৰা হয়।
  • ইয়াৰ পিছত আবেদনকাৰীসকলে ইয়াৰ বাবে আবেদন কৰে আৰু বাছনি পৰীক্ষাত অৱতীৰ্ণ হয়।
  • ফলাফলসমূহ প্ৰকাশ কৰা হয়। ৬০ গৰাকী প্ৰাৰ্থীক বাছনি কৰা হয় আৰু পাঠ্যক্ৰম ছেপ্টেম্বৰ/অক্টোবৰ মাহৰ পৰা আৰম্ভ হৈ পৰৱৰ্তী বছৰৰ এপ্ৰিল মাহত অন্ত পৰে।

যোগ্যতাৰ মাপকাঠি:

  • স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰিধাৰী ব্যক্তিয়ে ইয়াত আবেদন কৰিব পাৰে।
  • চলিত বৰ্ষৰ ১ আগষ্টলৈ প্ৰাৰ্থীৰ বয়স ২১ বছৰ হ’ব লাগিব আৰু সৰ্বোচ্চ বয়স ৩২ বছৰৰ অধিক হ’ব নালাগিব।
  • অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ক্ষেত্ৰত ৫ বছৰলৈ আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে ৩ বছৰলৈ ৰেহাইৰ ব্যৱস্থা কৰা হয়।
  • স্নাতক পৰীক্ষাত সাধাৰণ প্ৰাৰ্থীয়ে ৫০ শতাংশ নম্বৰ আৰু সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৪৫ শতাংশ নম্বৰ লাভ কৰা হ’ব লাগিব।
  • অনুসূচীত জনজাতি (পাৰ্বত্য), অনুসূচীত জনজাতি (ভৈয়াম), অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে সংৰক্ষণ চৰকাৰৰ নিয়ম অনুসৰি নিৰ্ধাৰিত।

প্ৰাৰ্থীৰ বাছনি:

ইয়াৰ বাবে আবেদনপত্ৰ বিচাৰি স্থানীয় সংবাদপত্ৰ আৰু অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ কাৰ্য্যালয়ৰ ওৱেবচাইটত বিজ্ঞাপন প্ৰকাশ কৰা হয়। প্ৰাৰ্থীসকলক ‘ইনষ্টিটিউট অন জেনেৰেল ষ্টাডিজ’ ই আয়োজন কৰা লিখিত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি নামভৰ্তিৰ বাবে বাছনি কৰা হয়। ইয়াত প্ৰশ্নকাকতৰ সৰ্বোচ্চ ২০০ নম্বৰ থাকে। ইয়াত মুঠ ১০০ টা প্ৰশ্ন থাকে।

মাচুল:

৫০০০ টকাৰ এককালীন মাচুল ডিমাণ্ড ড্ৰাফটৰ ৰূপত প্ৰশিক্ষণ সঞ্চালক, অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, সমাজলৈ প্ৰেৰণ কৰিব লাগে। ২০০০ টকাৰ পুথিভঁৰাল জমা মাচুল উভতাই লাভ কৰাৰ যোগ্য।

প্ৰয়োজন হোৱা নথিপত্ৰ:

  • স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বিট।
  • জন্মৰ প্ৰমাণপত্ৰ।

কেনেকৈ আবেদন কৰিব:

অনলাইনযোগে আৰু মহাবিদ্যালয়ৰ পৰা লাভ কৰা আবেদনপত্ৰ উভয় উপায়েৰে আবেদন কৰিব পাৰি। আবেদনকাৰী প্ৰাৰ্থীগৰাকীয়ে প্ৰয়োজনীয় সকলো প্ৰমাণপত্ৰৰ প্ৰতিলিপিৰ সৈতে পাছপোৰ্ট আকাৰৰ ফটো আবেদন দাখিল কৰাৰ দিনা জমা দিব লাগে। আবেদনকাৰীয়ে প্ৰশিক্ষণ শ্ৰেণীত নামভৰ্তিৰ সময়ত প্ৰকৃত প্ৰমাণপত্ৰসমূহ প্ৰদৰ্শন কৰিব লাগে।

সেৱাৰ প্ৰকাৰ:

প্ৰ-পত্ৰ ডাউনলোড কৰি ল’ব লাগে, ইয়াক পূৰ কৰিব লাগে আৰু কেন্দ্ৰত দাখিল কৰিব লাগে। সম্প্ৰতি এই সেৱাৰ প্ৰকাৰ অনলাইন নহয়।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ:

নমুনা আবেদন প্ৰ-পত্ৰ

কাক যোগাযোগ কৰিব:

শ্ৰীমতী বিজয়লক্ষ্মী বৰুৱা, এচিএছ
যুটীয়া সঞ্চালক, প্ৰশিক্ষণ
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়
জৱাহৰ নগৰ, খানাপাৰা
গুৱাহাটী- ৭৮১০০১
দূৰভাষ: ৯৮৬৪০৫৮৫০১
ই-মেইল: vbarua2011@gmail.com