মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

ভাৰত চৰকাৰৰ আঁচনিসমূহ

‘কমিট’ কাৰ্য্যক্ৰম

কম্প্ৰিহেন্সিভ অনলাইন মোডিফাইড মডিউলছ ফৰ ইনডাকচন ট্ৰেনিং (COMMIT)

ভাৰত চৰকাৰৰ ‘ডিপাৰ্টমেণ্ট অভ পাৰচনেল এণ্ড ট্ৰেনিং’ ই স্পনচৰ কৰা ই এক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ ব্যৱস্থা।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে ভাৰত চৰকাৰৰ ‘ডিপাৰ্টমেণ্ট অভ পাৰচনেল এণ্ড ট্ৰেনিং’ ৰ ‘কমিট’ কাৰ্য্যক্ৰম ইয়াত সংসাধিত কৰিছে। ‘কমিট’ ৰ সম্পূৰ্ণ অৰ্থ হৈছে ‘কম্প্ৰিহেন্সিভ অনলাইন মোডিফাইড মডিউলছ ফৰ ইনডাকচন’ যি ২০১৭ চনৰ জুন মাহত এক গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী হিচাপে দেশৰ ছখন ৰাজ্যত আৰম্ভ কৰা হয়। এই পাইলট আঁচনিৰ বাবে অসমৰ লগতে মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ, তেলেংগানা আৰু হাৰিয়ানাক নিৰ্বাচিত কৰা হয়।

‘কমিট’ কাৰ্য্যক্ৰমে নতুনকৈ নিযুক্ত ৰাজ্য চৰকাৰৰ ফ্ৰণ্টলাইন কাৰ্য্যকৰ্তাসকলৰ বাবে আয়োজন কৰা ১২ দিনীয়া ইনডাকচন ট্ৰেনিং প্ৰগ্ৰেম (আইটিপি) ত বিশেষৰূপে পৰিপূৰকতা কৰিব। এই ‘কমিট’ ৰ অধীনত যোৱা পাঁচ বছৰত ৰাজ্য চৰকাৰৰ ফ্ৰণ্টলাইন কাৰ্য্যকৰী ৰূপে নিযুক্ত দ্বিতীয় আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলক ‘ইনডাকচন ট্ৰেনিং প্ৰগ্ৰেম (আইটিপি)’ ই সামৰি ল’ব। ইয়াৰ লক্ষ্য হৈছে লোক সেৱা প্ৰদান উন্নত কৰা আৰু সুশাসন অগ্ৰগতি সাধন কৰা।

‘কমিট কাৰ্য্যক্ৰম’ এক ২৮ ঘণ্টীয়া প্ৰশিক্ষণ ব্যৱস্থা য’ত ২০ ঘণ্টা ই-শিক্ষাগ্ৰহণ আৰু ৮ ঘণ্টা মুখামুখি প্ৰশিক্ষণ সূচী নিৰ্ধাৰিত কৰা হয়। বিষয়া আৰু প্ৰশিক্ষকসকলক মুখামুখি প্ৰশিক্ষণৰ সময়ছোৱাত এই কাৰ্য্যক্ৰমে অনলাইন পাঠ্যক্ৰমৰ নমনীয়তা আৰু সুবিধাসমূহ গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰে। ‘কমিট’ ৰ জৰিয়তে প্ৰায় ৮৫০০০ বিষয়াক এই পাইলট আঁচনিত সামৰি লোৱা হয়। এনে কাৰ্য্যক্ৰমৰ সুবিধাই সৰহসংখ্যক বিষয়া যিয়ে সীমিত প্ৰশিক্ষণ গ্ৰহণ কৰিছে বা প্ৰশিক্ষণৰ গ্ৰহণ কৰা নাই তেওঁলোকৰ কৌশল আৰু জ্ঞান আহৰণৰ দিশত উপযুক্ত সুযোগ প্ৰদান কৰিব।

অসমত ‘কমিট’ কাৰ্য্যক্ৰমৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে লক্ষ্য হিচাপে লোৱা দলসমূহ হৈছে পহিলা জানুৱাৰী ২০১১ ৰ পিছত নিযুক্ত ৰাজ্য চৰকাৰৰ দ্বিতীয় আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীসকল। ৰাজ্যত এই কাৰ্য্যক্ৰমৰ শুভাৰম্ভ হয় ২০১৭ চনৰ ২১ জুলাই তাৰিখে য’ত কামৰূপ মহানগৰ জিলাত কৰ্মৰত বিভিন্ন বিভাগৰ বিষয়াসকলে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত প্ৰথম মুখামুখি প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰশিক্ষণ সঞ্চালক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী অঞ্জন চক্ৰৱৰ্তীয়ে। ১৬ আগষ্ট ২০১৭ লৈ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে কামৰূপ মহানগৰ জিলাত অন্তৰ্ভুক্ত ৩৯১ গৰাকী বিষয়াক সামৰি লৈ আঠ ৰাউণ্ড মুখামুখি প্ৰশিক্ষণ সম্পন্ন কৰে। এই ‘কমিট’ কাৰ্য্যসূচীৰ জৰিয়তে ৩১ মাৰ্চ ২০১৮ লৈ ৰাজ্যৰ ৩৩ খন জিলা সামৰি লৈ প্ৰায় ৯০০০ কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কাৰ্য্য সম্পন্ন কৰাৰ আশা কৰা হৈছে।